পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাকতী-ফড়িং
কাঠৰ
৪৬

শগুনেও নোখোৱা হয়। এতেকে,—নিচেই অৱস্থাহীন, অতি দুৰ্দ্দশা গ্ৰস্ত, সমূলি উপায়ৰহিত, extremely wretched.

কাকতী-ফড়িং পৰা—ক্ৰি, যি পথাৰত কাকতী-ফড়িং পৰে, তাৰ শষ্য খাই সমূলি নষ্ট কৰে। এতেকে,—সমূলি নষ্ট হোৱা, to be blasted, to be devastated.

কাচনমতি বাই—বিং, [কাঞ্চনময়ী বাই ] সোণৰ নিচিনা তিৰোতা, ৰূপহী তিৰোতা, a bright and beautiful woman.

কাচুটি এৰা—ক্ৰি, কামৰ জঞ্জালত শুৰ্তি শান্তি নাপালে চুৰিয়াৰ কাচুটি অৰ্থাৎ তল-পোন্ধ সৰি পৰিলে তাক খুচি লবলৈ সময় পোৱা নাযায়। তেতিয়া কাচুটি এৰিয়েই ফুৰিব লগাত পৰে। এতেকে,—চুৰিয়া- কাপোৰ সামৰি লবলৈ সময় নোপোৱা, বিতত বা বিচেষ্টা হোৱা, to have no leisure for anything, to be hard-pressed for time.

কাঠ-কটা বন—বিং , কাঠ-কাটিবলৈ টান। এতেকে,—টান বন, পৰিশ্ৰমৰ কাম, a difficult work.

কাঠ-ফটা জ্বৰ—বিং, ৰদত কাঠ বৰকৈ তপত হলে ফাটে। জ্বৰতো মানুহৰ গা বৰকৈ তপত হয়। কাঠ যেনেকৈ পৰি থাকে, জ্বৰ হলে মানুহ সেইৰূপে পৰি থাকে, উঠা-লৰা কৰিব নোৱাৰে। এতেকে,—বৰ টান জ্বৰ, fever accompanied by very high temperature.

কাঠত মৰা দি মৰা—ক্ৰি, কাঠত টানকৈ মাৰিলে ঠাং ঠাং শব্দ হয়। মানুহকো টানকৈ প্ৰহাৰ কৰিলে তেনেৰূপ শব্দ হয়। এতেকে,—টানকৈ প্ৰহাৰ কৰা, to give a hard blow.

কাঠৰ কঠুৱা—বিং, কাঠৰ কঠুৱা ভাগ অৰ্থাৎ কাঠৰ যি ভাগ বৰ টান সেই ভাগ। এতেকে,—অতি টান অৰ্থাৎ নিৰ্দয় মানুহ, a cruel-hearted person.

কাঠৰ খুটা—বিং, কাঠৰ খুটা বেগতে লৰাব নোৱাৰি। এতেকে, লৰিব-চৰিবৰ মন নোযোৱা মানুহ, এলেহুৱা মানুহ, one who is too lazy to move, a sluggard.

কাঠৰ ঢেকি—বিং, কাঠৰ ঢেকি বেগতে লৰাব নোৱাৰি। এতেকে,—লৰিব-