পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰি
কল-পুলিৰে
৪৩

কৰি খোৱা মানুহ—বিং, [ বন কৰি খোৱা মানুহ ] শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা জীবিকা উপাৰ্জ্জনকাৰী মানুহ, শ্ৰমজীবী মানুহ, one who earns a livelihood by manuual labour.

কৰিয়াই-কপিয়াই উঠা,—ক্ৰি, [ কাহ কফ লৈয়েই উঠা ] কাহ আৰু কফ ৰোগত পৰি থাকি আৰোগ্য লাভ কৰিছে, কিন্তু কাহ আৰু কফ সাৱশেষকৈ গুচা নাই, কাহ আৰু কফ লৈয়েই লৰিব উঠিছে বোলা হৈছে। এতেকে,—ৰোগ উপশম পোৱা, to slightly recover health and strength after sickness or debility.

কল খোৱা ধাতু উলিওৱা—ক্ৰি, কেঁচুৱা লৰাক আঠিয়া কল খুওৱা হয়। ( কল খোৱা ধাতু= কল খাদ্যৰ দ্বাৰা বৰ্দ্ধিত জীৱন। ) এতেকে— বৰকৈ কষ্ট বা আহুকাল দি ধাতু বাজ কৰাৰ নিচিনা কৰ, অতিপাত কষ্ট বা আহুকালৰ দ্বাৰা বিতত কৰা, to molest terribly.

কল গিলা—ক্ৰি, কল গিলিবলৈ পৰিশ্ৰম নালাগে। এতেকে,—বিনা পৰিশ্ৰমে ভোগ কৰা, to enjoy without labour.

কলত চোকা ৰোৱা, ঢোকাত কল ৰোৱা—ক্ৰি, থোকলগা কল-গছ ভৰত হালি পৰিব খুজিলে তাক ঢোকা দি ৰখা হয়। সেই ঢোকা মাটিত নোপোতাকৈ ৰখা হয়, কিয়নো গছৰ হেঁচাত সি আপোনা-আপুনি ঠিক হৈ থাকে। ঢোকাই যেনেকৈ গছক থিয় কৰি ৰাখে, গছেও ডোকাক সেইৰূপে থিয় কৰি ৰাখে। এতেকে,—পৰস্পৰে পৰস্পৰৰ সাহায্যত ঠিক্‌ হৈ থকা, to be assisted reciprocally.

কল-তলে বাঁহ-তলে—ক্ৰি-বিণ, ষতে ততে মানুহে নেদেখা ঘোকোট ঠাইত, in any out-of-the-way place.

কল থোকা বাদুলীয়ে খোৱা—ক্ৰি, বাদুলিয়ে কল থোকা খালে কল-বাৰী থকা খেতিয়কে তাক সদাই হৈ থকা তুচ্ছ ঘটনা বুলি ভাবে। এতেকে,— তুচ্ছ ঘটনা হোৱা, the happening of a trivial incident.

কল-পুলিৰে বিয়া হোৱা—ক্ৰি, যি জন তিৰোতাৰ বিয়া সমূলি নহয়, মৰণৰ পূৰ্ব্বে শুদ্ধ হবৰ নিমিত্তে এটা কল-পুলিক দৰা পাতি তাৰে সৈতে তেওঁৰ বিয়া পতা হয়। এতেকে,—গোটেই জীৱন আবিয়ৈ হৈ থকা, to remain unmarried throughout life (applied to a woman).