পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কথা
কথাৰ
৪০

যায় বোলা হৈছে। এতেকে,—কোনো কথা অতি শীঘ্ৰে চাৰিও পোনে প্ৰচাৰিত হৈ পৰা, the circulating of a news far and wide.

কথা বুলিলে বতাহ বলা—ক্ৰি, মুখৰপৰা বতাহ ওলালেই কথাৰ উৎপত্তি হয়। কাজে কাজেই সেই কথা বতাহৰ লগতে উড়ে। এতেকে,—কথা শীঘ্ৰে ৰাষ্ট্ৰ হোৱা, the running out into the world of a fact spoken out as waves of air i.e. the gaining of wide publicity of a fact spoken out.

কথাই কোবাই উৰুৱাই নিয়া—ক্ৰি, বতাহে কোনো বস্তু কোবাই উৰুৱাই নিয়ে। কথাক বতাহেৰে ৰিজোৱা হৈছে। অধিককৈ কথা কৈ থাকিলে প্ৰকৃত কথাৰপৰা আঁতৰাই উৰুৱাই নিয়ে অৰ্থাৎ অবাস্তৱ কথা কোৱা হয়। এতেকে,—আলাপৰ আধিক্যত অবাস্তৱ কথা কোৱা, to be led away from the main issue by the heat of conversation, to digress during the course of conversation.

কথাত আখৈ ফুটা—ক্ৰি, আখৈ ভাজোঁতে ফট্‌-ফট্‌-কৰে ফুটে। বৰকৈ কথা কলেও কথা ফট্‌ফটাই থাকে। এতেকে,—বহু কথা কোৱা, to talk too much.

কথাত ৰোৱা—ক্ৰি, (ৰোৱা = স্খলিত নোহোৱা। ) কোনো কথা কৈ সেই কথাৰপৰা স্খলিত নোহোৱা, to stand by one's word or promise.

কথাৰ আঁত—বিং, কথা কওঁতে কোনো এটা পটি ধৰি কথা কোৱা হয়। সেই পটিক সূতাৰ আঁতেৰে ৰিজোৱা হৈছে। আঁত হেৰালে সূতা আউলীয়া হয়। পটি হেৰালেও কথা বেমেজালি হয়। এতেকে,— কথাৰ পটি, the thread of a speech.

কথাৰ কথা—বিং, কথাৰ লগৰ কথা, যোগ্য কথা, a fact worth the name.

কথাৰ চেও—বিং, ঢোলৰ নিচিনা কথাৰো চেও আছে। এতেকে,—কথা কোৱাৰ ভাও, a mode of speech.

কথাৰ ছলত—ক্ৰি-বিণ, লাগতিয়াল কথা কবলৈ হলে কোনো মানুহে সাধাৰণ কথা কোৱাৰ ছলেৰে তাৰ মাজতে সুমাই কয়। এতেকে,—সাধাৰণ