পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কণা-মাকৰিটোৱেও
কণী-বিহৰ
৩৮

বেচ্‌ দি আনৰপৰা কোনো বস্তু লোৱা, মুৰ্খতা-দোষত অতিৰিক্ত বানচ দি কোনো কাৰ্য্য কৰোৱা, to work at a loss.

কণা মাকৰিটোৱেও গম নোপোৱা—ক্ৰি, নিজে কোৱা কথা নিজৰ কাণৰ ভিতৰত থকা কণা-মাকৰিটোৱেও নুশুনাকৈ থকা অৰ্থাৎ কোনো কথা অতি গুপ্তভাৱে থোৱা, to keep anything as a secret with utmost care.

কণা হাঁহক পতান দি ভুৰুকিওৱা—ক্ৰি, দুচকু কণা অৰ্থাৎ অন্ধ হাঁহক পতান দিলে সি তাকে ভাল ধান বুলি জানে। এতেকে,-মিছা ছলাহ দি বৰোৱা, to hoodwink a foolish person by giving him something unsubstantial.

কণাৰ দলি—বিং, দুচকু কণা অৰ্থাৎ অন্ধ মানুহে দলি মাৰি থাকিলে হঠাৎ এবেলি লাগে। এতেকে,—অনুমানৰ ওপৰত কৰা কাৰ্য্য, random shot, guess-work.

কণাৰ দিন ৰাতি—বিং, (কণা= দুচকু কণা, অন্ধ। ) অন্ধৰ পক্ষে দিন আৰু ৰাতিৰ প্ৰভেদ নাই। এতেকে,—স্বভাৱতে বিচাৰৰ অক্ষম মানুহৰ পক্ষে কোনো বিষয়ৰ বিচাৰ, an opinion given by a person who is naturally disqualified to give it.

কণাৰ লাখুটি—বিং, ( দুচকু কণাৰ খুটি ) অন্ধৰ লাখুটি অৰ্থাৎ নিচলাৰ একমাত্ৰ সহায়, the only support of the weak.

কণাকণি কৰা—ক্ৰি, পৰৰ কলঙ্ক ফুটাই নকৈ ইজনে সিজনৰ কাণত, সিজনে আন এজনৰ কাণত, এই ৰূপে গুপ্তভাৱে কোৱা-কুৱি কৰে। এতেকে,—গুপ্তভাৱে কলঙ্ক ৰটা, to speak ill of others in whispers.

কণী বিহৰ গুটি—বিং, যদিও গুটি একণিমান তথাপি কণীবিহৰ গুটি অৰ্থাৎ সেই গুটি গজি ভাগৰ গছ হৈ ভবিষ্যতে তাৰপৰা কণীবিহ উৎপন্ন হব, এই ভাব বুজোৱা হৈছে। এতেকে,—ভবিষ্যতে যি শত্ৰু-স্বৰূপ অপকাৰী হব তেনে মানুহ বস্তু বা কাৰ্য্য, anything destined to do serious harm in future.

কণী-বিহৰ সঁচ—(সঁচ=বীজ। ) শত্ৰুক কণী-বিহেৰে তুলনা কৰা হৈছে। এতেকে,— ভবিষ্যতে শত্ৰু হব এনে মানুহ, an enemy in embryo.