পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কটা
কণা-বেহা
৩৭

কটা যোৱা—বিণ, যাক কাটি বধ কৰা হব অৰ্থাৎ যাৰ সমুখত বিপদ উপস্থিত তেনেকুৱা, (গালিৰ মাত) damned (a term of reproach).

কটাৰ পো—বিং, [ কটা যোৱাৰ পো ] কটা-বোৱা যোগ্যৰ মানুহৰ পুতেক, গুৰুতৰ জগৰীয়া প্ৰকৃতিৰ মানুহ, ( গালিৰ মাত ) a rascal, a scoundrel (a term of reproach).

কটিয়া বজৰু—বিং, (বজৰু = বজ্ৰ) বজ্ৰময় অৰ্থাৎ টান-বান্ধৰ কটিয়া মানুহ, a strong built dwarfish fellow.

কঠালৰ এঠা—বিং, কঠালৰ এঠা লেকেতীয়া, তাত মাখি-আদি পৰিলে লাগি ধৰে। এতেকে,—যাৰ হাতত পৰিলে এৰাব পৰা নাযায়, তেনে মানুহ, আকৰ্ষণকাৰী মানুহ, প্ৰেমিকা তিৰোতা, an attractive person, a captivating woman.

কঠিয়া মৰা—ক্ৰি, কঠিয়া ধান মৰা, বীজ নষ্ট গোৱা, সঁচ নাইকিয়া হোৱা, the destroying of the d r germ of anything.

কঠিয়াহে চুটি, জেঠতে পৰা—বিং, কঠিয়া, যদিও চুটি, কিন্তু তাক জেঠতে অৰ্থাৎ বতৰৰ আদিতে পৰা হৈছে। এতেকে,—আকৃতিত কটিয়া কিন্তু বয়সত বহু-দিনীয়া-মানুহ। তাৰপৰা,—বাহিৰে একো কথা নজনা কিন্তু ভিতবে বহু কথা জনা মানুহ, a person who has lived long but is smaller in growth; hence, a simple-look- ing wicked person.

কণ-কঠিয়া মৰা—ক্ৰি, বীজ মৰা, সঁচ নষ্ট হোৱা, (কঠিয়া =কঠিয়া ধান, সঁচ। ) to destroy completely.

কণা বিধতা—বিং, বিধতাৰ এটা চকু কণা বুলি কয়, কিয়নো তেওঁ এফাল মানুহৰ কপালত সুখ লিখে, আৰু এফাল মানুহৰ কপালত দুখ লিখে। যাৰ পোনে ভাল চকু পৰে, তাৰ কপালত সুখ লিখে আৰু যাৰ পোনে কণা চকু পৰে, তাৰ কপালত দুখ লিখে। এতেকে,— কোনো মানুহৰ সুখ আৰু কোনো মানুহৰ দুখ বিধান কৰোঁতা ব্ৰহ্মা, Brahma who disposes good to some men and evil to some men.

কণা-বেহা কৰা—ক্ৰি, [ কণাই বেহা কৰা ] দুচকু-কণা মানুহে বেহা কৰিলে চকুৰে বস্তু দেখিবলৈ নোপোৱা গতিকে বেয়া বস্তুকে ভাল বুলি অতিৰিক্ত বেচ্‌ দি কিনে। এতেকে,— অজ্ঞতা-বশতঃ অতিৰিক্ত