পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কচু-পাতৰ
কটা-মৰা
৩৬

সি একো নিব নোৱাৰি কচু-শাক বুটলি লৈ তাকে ভেঁটি দিয়ে গৈ। এতেকে, দুখীয়া উপহাৰ, a humble present.

কচু-পাতৰ পানী—বিং, কচু-পাতত থকা পানীৰ নিচিনা অথিক বস্তু বা মানুহ, anything unstable or transient in nature.

কচুৰ কটাৰি—বিং, কচু নিচেই কোমল, তাৰ দ্বাৰা কটা কাৰ্য্য হব নোৱাৰে। এতেকে,—অকামিলা বস্তু, a useless weapon.

কটনা কটা ভাত—বিং [ কাটনী কটা ভাত ] কাটনীয়ে পলু কাটি সূতা উলিয়াই কাপোৰ বৈ বেচি সেই ধনেৰে জীৱিকা উপাৰ্জ্জন কৰে। এই কাৰ্য্যত অত্যন্ত পৰিশ্ৰম লাগে। ( ভাত= জীবিকা। ) এতেকে,—বহু কষ্টেৰে উপাৰ্জ্জিত ধন-বস্তু। ( তিৰোতাত খাটে। ) hard-earned livelihood ( applied to a woman).

কটা কাণ চুলিৰ ঢকা—ক্ৰি, আহোম ৰজাৰ দিনত কাণ-কটা দণ্ডৰ বিধি আছিল। এই দণ্ড অতি অপমানজনক। কাণ-কটা মানুহে কাণৰ ওপৰৰ চুলি দীঘলকৈ ৰাখি কটা অংশ ঢাকি থয়। এতেকে,—লাজ ঢকা, to hide shame.

কটা কাণ জোৰা দিয়া—ক্ৰি, আহোম ৰজাৰ দিনত ডাঙ্গৰ অপৰাধ কৰিলে কাণ কটা হৈছিল। এই দণ্ড অতি অপমানজনক। এতেকে,--লাজ ঢাকিবলৈ চেষ্টা কৰা, to attempt to hide shame.

কটা ঘাত খাৰণিৰ চাট্‌ দিয়া—ক্ৰি, কটা ঘাত খাৰণিৰ চাট্‌, দিলে যন্ত্ৰণা অসহনীয় হয়। এতেকে,—এটা অপকাৰ কৰি এটাই পুনৰ শত্ৰুতাচৰণৰ দ্বাৰা সেই অপকাৰ অসহনীয় কৰা, to aggravate misery.

কটা ঘাত চেঙ্গা তেল দিয়া—ক্ৰি, প্ৰথমতে কোনো মানুহক কটা হয়। তাৰ পাচত সেই কটা ঘাতে চেঙ্গা তেল ঢালি দিয়া হয়। তেনে কৰিলে যন্ত্ৰণা অসহনীয় হয়। এতেকে,—দুখতে দুখ দিয়া, অপকাৰতে অপকাৰ কৰা, এবেলি অপকাৰ কৰি পুনৰ অহিতাচৰণৰ দ্বাৰা তাৰু অসহনীয় কৰা, to aggravate once’s trouble.

কটা বান্ধ দিয়া—ক্ৰি, কাটিবলৈ নিওঁতে যেনে বান্ধ দিয়া যায় তেনে বান্ধ দিয়া, অতি টানকৈ বন্ধা, to bind tightly.

কটা-মৰা শত্ৰু—বিং, চলত পালে যাক কাটিব পাৰে আৰু মাৰিব পাৰে তেনে শত্ৰু, মহাশত্ৰু, a bitter foe.