পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কেকোৰা-চেপা
কেঁৰা
৩৪

কৰি শুদা খোলাটো থৈ জন্ম লয়। এতেকে,—অন্তঃসাৰ-শূন্য কৰা, নিৰ্যাতন কৰা, অনেক কষ্ট দিয়া, to reduce to skeleton.

কেঁকোৰা চেপা দিয়া—ক্ৰি, কেঁকোৰাই ঠেঙ্গেৰে বৰকৈ চেপি ধৰে। এতেকে,— টানকৈ চেপা দিয়া অৰ্থাৎ কষ্ট দিয়া, to squeeze, to torture.

কেঁকোৰা নাঙ্গলত ধৰা—ক্ৰি, নাঙ্গলৰ আকাৰ কেঁকোৰা। নাঙ্গলৰ দ্বাৰা খেতিৰ কাৰ্য্য কৰা হয়। এতেকে,—হাল-চহ কৰা, খেতিয়কৰ ব্যৱসায় অৱলম্বন কৰা, to lead a rural life.

কেঁচা ৰণত পৰি মৰা—ক্ৰি, ৰণৰ প্ৰথম অৱস্থাত উভয় পক্ষৰে ভীষণ ৰক্তপাত হয়। পিচত বহু সৈন্য মৰি ৰণৰ বল কমে। এতেকে,—কোনো শঙ্কটজনক কাৰ্য্যত প্ৰথমাৱস্থাতে যোগ দি নাশ পোৱা, to suffer terribly by doing an extremely hazardous act.

কেঁচুৱে এবেলি গাঁতৰ পৰা ওলালে সোমাব নোৱৰা—ক্ৰি, মানুহে কয় যে কেঁচুৱে এবেলি গাঁতৰপৰা ওলালে ঘূৰি গাঁত বিচাৰি নাপায়। গাঁতত সোমাব নোৱাৰি কিছু পৰ বগাই-জগাই ফুৰি মৰি থাকে। এতেকে,— কোনো নিশকতীয়া মানুহে নিজ ঠাই এৰি গলে আকৌ সেই ঠাই নোপোৱা, not to be able to regain lost ground ( said of a weak person ).

কেঁচু খোঁচৰোতে সাপ ওলোৱা—ক্ৰি, মাটি খুঁচৰি কেঁচু উলিয়াবলৈ যাওঁতে কেতিয়াবা সাপ ওলায়। এতেকে,—অলপ লাভলৈ চাওঁতে ডাঙ্গৰ বিপদ উপস্থিত হোৱা, the coming of a great danger to a person in his attempt to make a minimal gain.

কেঁচুটো হোৱা—ক্ৰি, কেঁচুটোৰ নিচিনা লেউ-সেউ হোৱা, নিজৰ মানসিক শক্তি সামৰ্থ্য নাইকিয়া হোৱা, সম্পূৰ্ণ পৰাধীন হোৱা, to be abjectly submissive.

কেঁচুত শগুণ পৰা—ক্ৰি, কেঁচু নগণ্য জীৱ। সি মৰিলে তাৰ মঙ্গহ খাবলৈ শগুন পৰে বোলা হৈছে। এতেকে,—অতি ডাঙ্গৰ মানুহে অতি সামান্য বস্তুলৈ লোভ কৰা, to hanker after a trifling gain although in comfortable position.

কেঁত্‌ কৰা—ক্ৰি, গাত দুখ পালে কেঁত্‌-কৰে চিঞৰ মাৰি দিয়ে। এতেকে,— দুখ পোৱা, to feel pain.

কেঁৰা-কুজা ভঙ্গা—ক্ৰি, তাঁতৰ সূতা কেতিয়াবা কেঁৰা হয় অৰ্থাৎ পোনে পোনে