পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কাঁহে
কেঁকোৰা-খোলা
৩৩

কাঁহে কাঁহে লাগিলে বজা—ক্ৰি, দুটা কাঁহৰ পাত্ৰ লাগিলে অৰ্থাৎ ঠেকাঠেকি হলে বাজে অৰ্থাৎ শব্দ কৰে৷ দুটা মানুহে লাগিলে অৰ্থাৎ দন্দ্ লাগিলে বাজে অৰ্থাৎ মুখেৰে গলিয়াগলি কৰে। এই স্থলত, দন্দ্ কৰা মানুহক কাঁহৰ লগত তুলনা কৰা হৈছে। এতেকে— বেগতে খং উঠা দুজন মানুহৰ ভিতৰত সামান্য বিষয়ত দন্দ লগা , the quarrelling of two persons of equally excitable temperament.

কাঁহী-পাতে গা কটা—ক্ৰি, (কাঁহী=কাঁহীৰ বাওৰ নিচিনা ধাৰ থকা বহল পাতেৰে এবিধ গছ) হাবিত সোমালে কাঁহী-পাতে অৱশ্যে অলপ- অচৰপ গা কাটে৷ কিন্তু পৰিশ্ৰমী গাঁৱলীয়া মানুহৰ পক্ষে ই নিচেই সামান্য আঘাত। এতেকে --নামমাত্ৰ অপকাৰ হোৱা৷ to be harmed nominally.

কুচিয়াৰ খোচ দিয়া—ক্ৰি, দীঘল জাঠিৰে কুচিয়া খুচি ধৰা হয়৷ এতেকে-বৰকৈ অত্যাচাৰ কৰা, to outrage, to torment.

কুজৰ মূৰত কীল মৰা— ক্ৰি, কুঁজৰ ঠিক্ মুৰতে অৰ্থাৎ ওপৰত কীল মাৰি দিলে কুজ পোন হৈ যায় বুলি কয়। কোনো মানুহক পোন কৰিবলৈ হলে তাৰ কুঁজত অৰ্থাৎ তাৰ যি দুৰ্ব্বল গুণ আছে তাৰ ওপৰত কীল মাৰিব লাগে অৰ্থাৎ আঘাত কৰিব লাগে। এতেকে— কোনো মানুহৰ দুৰ্ব্বল অংশত আক্ৰমণ কৰা to deal with person just in the right way s০ as to obtain from him what to wanted.

কুজাত ধৰ—ক্ৰি, নাঙ্গল কুজা অৰ্থাৎ বেঁকোৰ৷ এতেকে,—নাঙ্গলত ধৰা, হাল বাবলৈ ধৰা, খেতি আৰম্ভ কৰা, চহা ব্যৱসায় অৱলম্বন কৰা, কষ্টকৰ সাধাৰণ ব্যৱসায়ৰ দ্বাৰা জীবিকা উপাৰ্জ্জন কৰা, to live by ploughing to land, to earn by the sweat of the brow, to lead a labourious life.

কেঁকোৰা-গাঁত বিচৰা—ক্ৰি, কেঁকোৰাৰ গাঁত অকোৱা-পকোৱা। গাঁতত সোমালে কেঁকোৰাক বিচাৰি পাবলৈ টান হয়। কেঁকোৰৰ গাত বুলিলে পলাই সৰিব পৰা ঠাই বুজায়। এতেকে,—ভয়ত পলোৱা, to run away through great fear.

কেঁকোৰা-খোলা দিয়া —ক্ৰি, কেঁকোৰাৰ পোৱালিয়ে মাকৰ গৰ্ভ খুলি প্ৰাণনাশ