পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
এন্দুৰে
এবেলি
২৭


ভাল নেদেখি। এতেকে,— স্বভাৱতে যি ঘৃণিত তাক কৃত্ৰিম উপায়ৰ দ্বাৰা সুন্দৰ কৰিবৰ নিমিত্তে যত্ন কৰা to attempt to beautify a naturally ugly person.

এন্দুৰে মাটি খনা, ঘৰতে বাহা হোৱা—ক্ৰি, চোৰে মাটিৰ তলেদি সিন্ধি খানে। এন্ৰুৰেও সিন্ধিৰ নিচিনাকৈ গত খানে। চোৰ কৰিবৰ, মানুহ, কিন্তু এন্দুৰ ঘৰৰ ভিতৰতে থাকে। এতেকে— ঘৰৰ ভিতৰত কোনো ডাঙ্গৰ অপৰাধ হলে ঘৰৰ পৰিয়ালৰ ভিতৰতে কোনো এজন মানুহে সেই অপৰাধ কৰ, the doing of serious crime in a family by one of the members of that family

এন্ধাৰতে খেপিওৱা— ক্ৰি, এন্ধাৰত কোনো বস্তু হাতৰে খেপিয়ালে বিচাৰি পোৱা নাযায়৷ এতেকে, কণা-মুনাকৈ বিচৰা, to grope in the dark.

এন্ধাৰত দলি মৰা- ক্ৰি, এন্ধাৰত লক্ষ্য দেখা নাযায়। তেতিয়া দলি মাৰিলে দলি লাগিবও পাৰে, নালাগিবও পাৰে। এতেকে,-- কণামুনাকৈ কোনো কাৰ্য্য কৰা, to act at random.

এফলীয়া ভাৰে কাম-হাড় ভঙ্গা—ক্ৰি, এখন ভাৰ দুমুৰে দুটা মানুহে ধৰি কঢ়িয়ালে যদি ভাৰ এফলীয়া হয় অৰ্থাৎ যদি এফালে অধিক গধুৰ হয় তেনেহলে সেই ফালৰ ভাৰীৰ দুখ অধিক হয়। এতকে,—জুটীয়া কাৰ্য্যত অধিক ভাৰ বোৱা অংশীদাৰৰ কষ্ট মাৰাত্মক হোৱা, to be over- burdened singly in a joint business.

এফাল শেনে খোৱা—বিণ, ভাল বস্তু দেখিলে শেনে থাপ মাৰি লৈ যায়। কোনো মানুহ এনে সুন্দৰ বোলা হৈছে যে শেনে মুখৰ একাল অৰ্থাৎ এখন গাল থাপ মাৰি নি খাই পেলায় আৰু ফলস্বৰূপে তেওঁৰ এখন গাল। নাইকিয়া হয়। এতেকে,--অতি সুন্দৰ, (বিদ্ৰুপ), too beautiful (used ironically.)।

এবেলি সাপে খুটিলে লেজুতো ভয় হোৱা—ক্ৰি, লেজু দেখিবলৈ সাপৰ নিচিনা। এই স্থলত কোৱা হৈছে যে এবেলি যি মানুহক সাপে খুটিছে, তাৰ লেজু দেখিও সাপ বুলি ভ্ৰম হয়। এতেকে—কোনো বিষয়ত এবেলি ভয় পালে তত্তুল্য সামান্য বিষয়তো ভয় পোৱা, to get frightened on account previous sad experience of a real danger by any danger which is similar to it though unreal