পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একে
এছাল
২৪

গুল্ম পিত্ব আদি কোনো কোনো ৰোগেও বুকুত খুণ্ডা মাৰি ধৰে আৰু কেতিয়াবা তেনেকুৱা একে খুণ্ডাতে মানুহ মৰে। এতেকে,— তৎক্ষণাৎ প্ৰাণ হেৰুওৱা, to meet with instantaneous death.

একে পাতত খোৱা একে কান্ধত লোৱা মানুহ—বিং, একে পাতত অৰ্থাৎ একে শাৰীত খায় আৰু একে চাঙ্গিতে মৰা-শ শ্মশানলৈ নিয়ে এনেকুৱা মানুহ অৰ্থাৎ একে খেলৰ মানুহ; লগৰ সঙ্গৰ মানুহ; অতি মিলৰ মানুহ, persons belonging to the same clan, communi- ty, class; companions in weal or woe.

একৈয়া বোটলা—ক্ৰি, খলি-খেল খেলোঁতে যি একৈয়া গুটি বোটলে সি মুঠৰ ওপৰত বহু গুটি পায়। এতেকে,—ঠায়ে ঠায়ে অলপ আৰ্জ্জন কৰি বহু আৰ্জ্জনৰ গৰাকি হোৱা, to make a fortune by securing small but constant gains.

এখন তাল নবজা—ক্ৰি, তাল বজাবলৈ হলে দুখন তাল লাগে, এখন তাল নাবাজে। সেইৰূপে, দন্দ কৰিবলৈ হলেও দুজন মানুহ লাগে। এতেকে,— দুই পক্ষৰ এক পক্ষ ভাল হলে দন্দ লাগিবৰ স্থল নোহোৱা, the existing of no room for quarrel when any one of the two parties does not want to quarrel.

এখনকে দহখনকৈ লগোৱা—ক্ৰি, এখন বন যদি বেয়াকৈ কৰা হয় তেন্তে সেই এখনকে ডাঙ্গি দহখন বন বেয়াকৈ কৰা হৈছে বুলি দেখুৱাই কথা লগোৱা, অতিপাতকৈ কথা লগোৱা, to speak ill of others by coloured statements.

এগোট হোৱা—ক্ৰি, কেইবা গোট মানুহ লগ হৈ এগোটৰ নিচিনা হোৱা, একমত হোৱা, to be of one mind, to be united.

এচহীয়া মানুহ—বিং, কাঠ ফালিলে পোনে পোনে নাফাটি কেতিয়াবা সি বেঁকাকৈ ফাঁটি যায়। (এচহীয়া = এটা চাহিৰ সমান অৰ্থাৎ আগৰ ফাললৈ একণিমান। ) এতেকে,—পোন বাটে কাৰ্য্য নকৰি তৎক্ষণাৎ যেই বাটে মন যায় সেই বাটে কাৰ্য্য কৰা মানুহ, a perverse person.

এছাল ছিগিলেও কথা নেৰা—ক্ৰি, ইমানকৈ কথা কয় বোলা হৈছে যে জিবাৰ এছাল