পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একছি
একে
২৩

attachment.

একছি পুৰুষ—বিং, একৈছ পুৰুষ, বহু পুৰুষ, many generations.

একা-চেকা মানুহ—বিং, ম’হ-গৰুৱে চঁক খালে যি পোনে যাব সেই পোনেই গৈ থাকে, তাক ওভোতাই আনিব পৰা নাযায়। এতেকে,—কোনো কাৰ্য্যৰ পোনে ঢাল ললে সেই কাৰ্য্যৰপৰা ওভোতাই যাক আনিব পৰা নাযায় তেনে মানুহ, a wayward fellow.

একালে সোমাই একাণে ওলোৱা—ক্ৰি, কোনো কথা একাণে সোমাই তেতিয়াই একাণে (আন কাণে) ওলোৱা অথাৎ শুনা মাত্ৰকতে পাহৰি যোৱা, কথা মনত নথকা, to forget a thing as soon as it is heard.

একাদশত গুৰু হোৱা,—ক্ৰি, (‘একাদশত বৃহস্পতি হোৱা’ চোৱাঁ। বৃহস্পতি দেৱতা সকলৰ গুৰু। )

একাদশত বৃহস্পতি হোৱা—ক্ৰি, ( জ্যেতিষীয়া মাত ) জন্ম-পত্ৰিকাৰ একাদশত যদি বৃহস্পতি থাকে তেনেহলে ফল অত্যন্ত শুভ হয়। এতেকে,—ভাগ্য সুপ্ৰসন্ন হোৱা, the smiling of fortune.

একাদশীয়া বামুণে গৰাহ গৰাহ কৰা—ক্ৰি, একাদশী তিথিত বামুণে লঘোন দিয়ে। লঘোন ভাঙ্গোতে ভোকত ডাঙ্গৰ-ডাঙ্গৰকৈ একো গৰাহ ভাত খায়। এতেকে,—কোনো কাৰ্য্য হুঁটাহেৰে কৰা, to do a thing with extreme avidity.

একীল খালে এবুধি চপা—ক্ৰি, যদি এটা কীল খোৱা যায় তেনেহলে তাৰ লগতে এটা বুদ্ধি চাপে অৰ্থাৎ মাৰ-কীল খালে হে শিক্ষালাভ হয়। এতেকে,—ঠেকা পাই শিক্ষা পোৱা, to learn a lesson by sad experience.

একে মুখেই ধান-চিৰা দিয়া, একে মুখেই চাউল-চিৰা দিয়া—ক্ৰি, এবেলি এখন মুখেৰে ধান-চিৰা দিম বুলি কৈ ঘূৰি সেই মুখেৰেই চাউল-চিৰা দিম বুলি কয়, এনে বোলা হৈছে। এতেকে,—কথা সলাই কোৱা, to change opinions one after the other.

একে খুণ্ডাতে যোৱা—ক্ৰি, [একে খুণ্ডাতে মৰি যোৱা] মহ গৰুৱে মানুহক মূৰেৰে খুণ্ডা মাৰে। টানকৈ খুণ্ডা মাৰিলে একে খুণ্ডাতে মানুহ মৰে।