পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মিঠৈ-কলা
৩১১

মান দেশৰ বগা হাতী—বিং, পূৰ্ব্বে মান দেশৰ ৰজাৰ বগা হাতী আছিল। সেই হাতীৰে কোনো কাম কৰোৱা নহয়। শোভাৰ নিমিত্তে বহু ব্যয় কৰি অতি যতনেৰে তাক ৰখা হয়। এতেকে,—বহুব্যয়-সাপেক্ষ অকামিলা বস্তু বা মানুহ, a thing or person of no utility requiring a large expenditure for up-keep or support, costly encumbrance.

মাণিকৰ দাঁত—বিং, মাণিকৰ নিচিনা দাঁত, চকচকীয়া দাঁত, shining teeth.

মান-মৰাণৰ দিন—বিং, মান আৰু মৰাণে আসাম দেশত ঘোৰ অত্যাচাৰ কৰিছিল। এতেকে,—ঘোৰ অত্যাচাৰৰ কাল, days of tyranny and oppression.

মানুহ বলোৱা,—ক্ৰি, বতাহে যেনেকৈ কোনো বস্তু বলাই আনে, সেইৰূপে বহু মানুহক বলাই অনা, কোনো ঠাইলৈ বহু মানুহ যাতে চলাচল কৰে এনে উপায় কৰা, to contrivé to attract people to a certain place.

মাৰত ককালৰ জোৰা লৰোৱা—ক্ৰি, মাৰত কঁকাল ভঙ্গা, বৰকৈ মাৰ-কীল কৰা, to beat severely.

মাৰত চেলা উলিওৱা—ক্ৰি, মৰিয়ালে গাত চেলাৰ নিচিনা দীঘল সাঁচ বহে। এতেকে,—বৰকৈ মাৰ-কীল কৰা, to beat severely.

মাৰি খোৱা হাঁহৰ মুখলৈ নোচোৱা—ক্ৰি, যি হাঁহ মাৰি খাবৰ নিমিত্তে অনা হৈছে, তাৰ মুখলৈ চোৱা অনাৱশ্যক। মুখলৈ চালে মুখৰ কাতৰ ভাব দেখি মৰম লাগে। এতেকে,—বধ্য বস্তুলৈ মৰম নেদেখুওৱা অৰ্থাৎ পৰৰ অপকাৰ অনিবাৰ্য্য হলে তাক কৰিবলৈ কুণ্ঠিত নোহোৱা, not to hesitate to do what is inevitable though un- pleasant.

মিঠা দিয়া—ক্ৰি, মিঠা বস্তু খাবলৈ ভাল। এতেকে,—ভাল ব্যৱহাৰ কৰা, to treat well.

মিঠৈ-কলা—বিং, সবাহত নাম ভাগিলে প্ৰসাদ বিলোৱা হয়। মাহ-চাউল আগৈয়ে পাতত দিয়া হয়। পিচত মিঠৈ আরু কলা দিয়া হয়। মিঠৈ আৰু কলা উলিয়াবৰ সময়ত মানুহবিলাকে হেঁতা-ওপৰা কৰে। যেয়ে খোজে বিলনীয়াই তাকে মিঠৈ-কলা দিয়ে। এতেকে,—যেয়ে খোজে