পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊষা
এক
২২

ঊষা পটেশ্বৰী—বিং, ঊষা শোনিতপুৰৰ বাণ ৰজাৰ জীয়েক, আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ ঘৈণীয়েক। তেওঁ অতি সুন্দৰী আছিল। (পটেশ্বৰী = ৰাজ-পাটৰ ঈশ্বৰী অৰ্থাৎ প্ৰধান ৰাজ-মহিষী; তাৰপৰা, ৰূপৱতী তিৰোতা। এতেকে,—অতি ৰূপৱতী তিৰোতা, an extremely beautiful woman.


এ।

এই অনা দেওৱা—ক্ৰি, সান্দহ, কৰাই আদি জলপানৰ নিমিত্তে খোলাত এবাৰত যিমান চাউল দিয়া যায় তাক ‘অনা’ বোলে। সেই চাউল দেই গলে ’এই অনা দেলে’ বুলি কোৱা হয়। এতেকে, কোনো এবাৰৰ কাৰ্য্য নিস্ফল হোৱা, the coming to nothing of a particular venture.

এঁহ গছৰ পৰা কেঁহ গছলৈ—ক্ৰি, [ আঁহ গছৰপৰা কেশ গছলৈ] আঁহ-ডালৰ- পৰা চুলি-ডাললৈ, নিচেই ক্ষুদ্ৰ বিষয় পৰ্য্যন্ত, to the minutest things.

এক গাৱঁৰ এক মাৱৰ—বিং, [এক গাৱঁৰ প্ৰজা এক মাৱৰ সন্তান] একে মাকৰ সন্তানৰ ভিতৰত যেনে প্ৰীতি-স্নেহ থাকে, একে গাওঁৰ প্ৰজাৰ ভিতৰতো তেনেকুৱা প্ৰীতি-স্নেহ থাকে। এতেকে—একে গাওঁৰ প্ৰজা- বিলাকৰ ভিতৰত সহোদৰ ভাই-ককাইৰ তুল্য প্ৰীতিভাৱ, brother- ly feelings among persons of the same place.

এক দেৱ এক সেৱ বিং, “এক দেৱ এক সেৱ এক বিনে নাই কেৱ” এইটি মহা- পুৰুষীয়া ধৰ্ম্মৰ মত। (এক দেৱ = এক মাত্ৰ দেৱ, অৰ্থাৎ শ্ৰীকৃষ্ণ, এক সেৱ = এক মাত্ৰ সেৱ অৰ্থাৎ কৃষ্ণৰ সেৱা। ) এতেকে,— একমাত্ৰ ধ্যান-ধাৰণা, whole-hearted devotion, warm