পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিখকুৱা
পঞ্চ-প্ৰেত
৩০৫

অৰ্থাৎ গোলামৰ দৰে জঘন্যভাৱে খাটিছে—দুইৰো প্ৰভেদ এয়ে যে গোলামে ধন পাইছিল, এই মানুহে তাকো পোৱা নাই। এতেকে,— বানচ নিদিয়াকৈ যাক অতিপাত খটোৱা যায় তেনে , an extremely hard-worked person in a situation which is absolutely devoid of redeeming feature whatsoever.

নিখকুৱাই মাটিতে চাৰি গাল মৰা—ক্ৰি, (উপকথা) এটা খকুৱা আৰু এটা নিখকুৱা দুটা মানুহ আছিল। সিহঁতে ভাত ৰান্ধি খাবৰ নিমিত্তে দিহা কৰিলে। কল-পাতত ভাত খোৱা হয়। ভাত খাবলৈ বুলি খকুৱাই কল-পাত কাটিবলৈ গল। নিখকুৱাই লোভ সামৰিব নোৱাৰি মাটিতে ভাত বাঢ়ি লৈ চাৰি গাল মাৰিলে অৰ্থাৎ চাৰি গৰাহ খালে। তেতিয়া হে তাৰ কিছু তত আহিল। এতেকে,—বাহিৰে নিলোভী বুলি বুজোৱা মানুহে কাৰ্য্যত অত্যন্ত লোভী মানুহৰ দৰে চলা, to hanker over-much after anything while pretending to be above temptation. outwardly.

নোৱাই-তোলনীৰ আখৈ-পিঠা—বিং, নোৱাই-তোলনী বিয়াত প্ৰচুৰ পৰিমাণে আখৈ আৰু পিঠা চেটিওৱা ৰীতি আছে। এতেকে,—পেলাই দিব পৰা অৰ্থাৎ মূল্যহীন বা অপদাৰ্থ বস্তু, a useless thing.

⸻⸻

প।


পঞ্চ-প্ৰেত—বিং, যি মানুহৰ ধন-বস্তুলৈ অতিৰিক্ত মায়া-মোহ, সেই মানুহ মৰিলে সদগতি নাপাই প্ৰেত হৈ থাকে বুলি কয়। মানুহৰ শৰীৰ পঞ্চভূতৰ ৰা নিৰ্ম্মিত। মৰিলে পঞ্চ-ভূত গৈ পঞ্চ-প্ৰেত হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,— ধন-বস্তুলৈ অতিৰিক্ত হেঁপাহ থকা মানুহ, মহাকৃপন, a very great miser.৩৯