পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঢৌ-লেটিপেটি
দাঁত
৩০২

ঢ।

ঢৌ-লেটিপেটি—বিং, নৈত অসংখ্য ঢৌ দেখিবলৈ পোৱা যায়। ঢৌবিলাক লগ লাগি লেটিপেটি হৈ পৰে। 'ধেই খেতিনেতি', বাদ্যৰ এটি চেও। সাদৃশ্য-নীতি অনুযায়ী এই খণ্ড-বাক্য গঠিত হৈছে। এতেকে,— অতিপাত লেটিপেটি, বিষম খেলিমেলি, utter confusion, extreme disorder.

⸻⸻

ত।

তিৰোতাৰ এফাল সাহ—বিং, তিৰোতাৰ সাহ কম। এই স্থলত তিৰোতাৰ সাহৰ এফাল ( সমানে এফাল, আধা ) বোলা হৈছে। এতেকে,— নিচেই কম সাহ, কাপুৰুষালি , 'very little courage, cowardice.

তুলসী-পতীয়া বামুণ—বিং, বামুণে তুলসী-পাতেৰে শান্তিয়নী পানী চেটিয়াই মানুহ বা বস্তু শুদ্ধ কৰে। এই স্থলত কোনো মানুহৰ সম্পৰ্কে বিদ্ৰূপ- ভাৱেৰে বুজোৱা হৈছে, যে তেওঁ সকলোকে এইৰূপে তুলসী-পাতেৰে শুদ্ধ কৰি লব-লগীয়া অৰ্থাৎ অশুচি যেন দেখে। এতেকে,—অতি ৰিক্ত নৈষ্ঠিক বামুণ, an excessively orthodox Brahmin.

⸻⸻

দ।

দাঁত দেখিলে আঁত দেখা—ক্ৰি, হাঁহিলে দাঁত দেখা পোৱা যায়। 'আঁত’ শব্দে 'আন্তৰিক স্বভাৱ’ বুজাইছে। এতেকে,—কাৰ্য্যৰ স্বভাৱৰ দ্বাৰা আন্তৰিক স্বভাৱৰ নিৰ্ণয় কৰিবৰ নিমিত্তে সমৰ্থ হোৱা, ( বিশেষকৈ তিৰোতাত খাটে ) to be able to ascertain the inward