পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গালিৰে
চৰাইৰ
২৯৯

গালিৰে কুকুৰ-পিটা কৰা—ক্ৰি, কুকুৰে চৰু ছুলে তাক ধৰি নথৈ পিটা হয়। এই স্থূলত ইমানকৈ গালি পাৰে বোলা হৈছে, যে মানুটোক নথৈ পিটাৰ তুল্য কৰে। এতেকে, --নথৈ গালি পৰা, to abuse vilely.

গা জোকাৰি ফুৰা—ক্ৰি, উলহ-মালহ কৈ ফুৰিলে গা বৰকৈ জোকাৰ খায়। এতেকে,—উলহ-মালহকৈ ফুৰা, তৰলভাৱে কাৰ্য্য কৰা, to walk about merrily, to conduct oneself lightheartedly.

গুৰু এৰা ভক্তি—বিং, প্ৰত্যেক অসমীয়া হিন্দু মানুহৰ নিৰ্দিষ্ট গুৰু আছে। এই স্থলত কোৱা হৈছে, যে নিজ গুৰু এৰি পৰ গুরুত শৰণ লৈ ভক্তি কামনা কৰা হৈছে। এনে ভক্তি নিসিজে, এই বাক্যৰ দ্বাৰা এই ভাব বুজোৱা হৈছে। এতেকে,—নিজ গুৰু এৰি পৰ গুৰুত লোৱা ভক্তি।

গুৰু-বাক্যৰ ভিতৰ মানুহ—বিং , (বাক্য = ধৰ্ম্মৰ গূঢ়-তত্ত্ব বুজোৱা বাক্য। ) গুৰুৱে ধৰ্মৰ গূঢ়-তত্ত্ব সাধাৰণ শিষ্য-বৰ্গক জানিবলৈ নিদিয়ে। ভক্তিমান প্ৰিয়শিষ্য মাথোন তেনে শিক্ষা দিয়া হয়। এতেকে,— ধৰ্ম্মপন্থত বিশেষৰূপে দীক্ষিত মানুহ, one within the inner circle of a religious denomination, a person who is initiated in the esoteries of a particular system of religious life.

⸻⸻

চৰাইৰ লগৰ মানুহ—বিং , চৰাইয়ে যলৈ তলৈ যেতিয়াই তেতিয়াই গৈ থাকে, কেতিয়া ক’ত থাকে আৰু কেতিয়া কলৈ যায় একো স্থিৰতা নাই। মন গলে কেতিয়াবা সি বহু দূৰলৈকো গুচি যায়। এতেকে,—থকা- ঠাইৰ স্থিৰতা নোহোৱা মানুহ, a person who is an constant move from place to place.

⸻⸻