পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খালৰ
গৰুৰ
২৯৮

লেতেৰা মানুহ, a slovenly glutton.

খালৰ পানী বাঁহ-পাতে শোহা—ক্ৰি, বাৰীৰ ধাপত বাঁহ গছ থাকে। তাৰ দাঁতিতে খাপৰ পানী থাকে। অসংখ্য বাহ-পাত খালত পৰি থাকে। খালতে পানীও থাকে। এই স্থলত কোৱা হৈছে, যে সেই অলপীয়া পানী বাঁহ-পাতেই শুহি নিয়ে। অলপীয়া সম্পত্তি খালৰ পানীৰে আৰু সেই সম্পত্তি-ভোগী মানুহবিলাকক বাঁহ-পাতেৰে তুলনা কৰা হৈছে। এতেকে,—কোনো লোকৰ অলপীয়া ধন সম্পত্তিক পৰিবাৰ- ভুক্ত আৰু আশ্ৰিত বহু মানুহে ভোগ কৰি অন্ত কৰা, the drain- ing off of the scanty resources of a person by a host of people some of whom are members of his own family while others are dependent on him.

খুটি-তাল বোৱা—ক্ৰি, দুখীয়া মানুহে জীবিকাৰ একো উপায় উলিয়াব নোৱাৰি খুটি-তাল বজাই নাম গাই ঘৰে ঘৰে মাগি ফুৰে। এতেকে,—সমূলি উপায়-ৰহিত হোৱা, to have absolutely to means left to do any thing.

খোৱাৰ বোন্দা—বিং, [ খোৱাৰ বিষয়ে বোন্দা ] বোন্দা-মেকুৰী মাছৰ মহা- খকুৱা। এতেকে,—মহা-খকুৱা মানুহ, all excessively greedy fellow.

⸻⸻

গ।


গৰুৰ আগত টোকাৰি বোৱা—ক্ৰি, মানুহৰ আগত টোকাৰি বজালে সি তাৰ ৰস বুজি আনন্দ উপভোগ কৰে। গৰুৱে বাদ্যৰ ৰস একো নুবুজে। গৰুৰ আগত টোকাৰি বজোৱা অসাৰ্থক। এতেকে,—মোল-নুবুজা মানুহৰ আগত কোনো ভাল কাৰ্য্য কৰা , to do a certain good act in the presence of a person who is too dull to appreciate the real worth of it.

⸺⸻