পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হোলাৰ
হোৱাতো-নোহোৱাতো
২৯৩


সৰল গোজৰ নিচিনা মানুহ অৰ্থাৎ সৰল চিত্তৰ মানুহ, a sincere man.

হোলাৰ ভাই মোলা—বিং, ‘হোল’ শব্দ 'সৰল’ শব্দৰ অপ্ৰত্ৰংশ। 'ব্যক্তি’ বুজাবৰ নিমিত্তে ‘হোলা' ( হোলাই) ব্যবহৃত হৈছে। 'মোলা’ বা মোল্লা( মোলোনা ) যাৱনিক শব্দ। মৌলোনা সকল সৰল স্বভাৱৰ মানুহ বুলি প্ৰখ্যাত। এই স্থলত কোৱা হৈছে, ককায়েক ভায়েক দুয়ো জন সৰল। এতেকে,—সৰল পৰিয়ালৰ সৰল মানুহ। নিচেই সৰল মানুহ, a sincere man of a sincere family, a very sincére man.

হোলোঙ্গাৰে কাণ বিন্ধোৱা—ক্ৰি, বেজীৰে বা কাঁইটেৰে কাণ বিন্ধোৱা যায়, হোলোঙ্গাৰ নিচিনা ডাঙ্গৰ মাৰিৰে কাণ বিন্ধাব পৰা নাযায়। এই স্থলত হোলোঙ্গাৰে কাণ বিন্ধায় বোল হৈছে। এতেকে,—অসম্ভব কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to attempt to do the impossible.

হোৱা কথা— বিং, (হোৱা =হব-লগীয়া) উচিত কথা , the right thing

হোৱা দিয়া—ক্ৰি, এটা শিয়ালে হোৱা দিলে আটাইবিলাক শিয়ালে হোৱা দিবলৈ ধৰে। এতেকে,—নভবা-নিচিন্তাকৈ লোকৰ মনতে মত দিয়া, to echo other’s opinion u thinkingly.

হোৱাতে-নোহোৱাতো —ক্ৰি-বিণ, (হোৱা = হবলগীয়া, উচিত) নোহোৱা = নহ’ব-লগীয় , অনুচিত। ) উচিত কথাতো অনুচিত কথাতো, যেতিয়াই। তেতিয়াই কাৰণ নিবিচৰাকৈ, সময় অসময় নোচোৱাকৈ, অযথা, at any time u thinkingly, in season and out of season.

⸺ ⸺