পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেন্দোল-দোপ
হোল-গোজ
২৯২


দিয়া। (হেদাঙ্গি মেলা’ বাক্যও চলিত আছে। ), to allow a ward to knock about aimlessly.

হেন্দোল-দোপ দল-দোপ—বিং, দলনী আৰু দোপনীৰ এঠাইত ভৰি দিলে গোটেই ঠাই হেন্দুলিবলৈ ধৰে। কোনো ঠাইত বহু মানুহৰ সমাগম হৈ ধুম-ধাম হলেও সেই ঠাই লৰি যায় বোলা হয়। এতেক,--মহা, আড়ম্বৰ, অতিপাত ধুম-ধাম, pomp and grandeur.

হেপোৰ পিটা—ক্ৰি, পিঠিত এছাৰিৰে পিটি মুখেৰে একেৰাহে ‘হেপোৰ’ শব্দ উচ্চাৰণ কৰি থকা এবিধ খেলৰ নাম ‘হেপোৰ পিটা’। তাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—একেটা কামকে একেৰাহে বহু পৰ টানি-আজুৰি কৰি থকা, to engage in drudgery.

হেলাই-হেপাই মৰা—ক্ৰি, [ হেলাই-ফোঁপাই মৰা ] হেলাই =কাতি কৰি অৰ্থাৎ গা পেলাই। ) বৰকৈ ভাগৰ লাগিলে মানুহে গা পেলাই দি ফোঁপাই-জোপাই মৰাৰ নিচিনা হয়। এতেকে,— কোনো টান কাৰ্য্য কৰি ভাগৰত অবশ হোৱা, to be exhausted by hard labour.

হেলৌ-হেচৌ কৰা—ক্ৰি, ডাঙ্গৰ বস্তু টানোতে মানুহে মুখেৰে ‘হেলৌ- হৈচৌ” বুলি চিঞৰে। সেইৰূপে বহু-পৰ চিঞৰ-বাখৰ কৰি বহুটো অলপ-অলপ- কৈ মাথোন টানি নিব পৰা যায়। এতেকে,—কোনো কাৰ্য্য বহু পৰ লাগি থাকি অলপ-অলপকৈ কৰা, to do anything by drudgery.

হৈ-ঔ হৈ-ঔ কৰি ফুৰা—ক্ৰি, হৈ-ঔ হৈ-ঔ কৰি গৰু মহ আগুৰে। এতেকে,— অনবৰত কোঢ়াল কৰি ফুৰা, to move about noisily.

হোঁ-হেকো একো নমতা— ক্ৰি, মানুহে কেতিয়াবা সম্পূৰ্ণ ভাষা প্ৰয়োগ নকৰি 'হোঁ’ 'হেকোঁ’ ইত্যাদি মাত উচ্চাৰণ কৰি ভাব প্ৰকাশ কৰে। হোঁ=সম্মতিসূচক অব্যয়। হেঁকো =আনন্দসূচক অব্যয়। ) এতেকে,—সমুলি মাত নমতা, to keep perfect silence.

হোৰোষাই তললৈ যোৱা—ক্ৰি, ভূঁইকঁপ হলে কোনো ঠাই হোৰোষাই তললৈ যায়। ঘৰ-বাৰী বস্তু-বেহানি তাত যি থাকে সকলে সমূলি নষ্ট হৈ যায়। এতেকে,—সমূলি নষ্ট হোৱা, to be completely ruined.

হোলগোজ ভকত— বিং, ’হোল’ শব্দ ‘সৰল’ শব্দৰ অপভ্ৰংশ। এতেকে,—