পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেঁচ-টেপ
হেদানি
২৯১


এতেকে,—নিসিজা মানুহ, unyielding, obstinate.

হেঁচ-টেপ কৰা—ক্ৰি, [ হেঁচা-টেপা ] অলপ-অচৰপ চেপ দিয়া অৰ্থাৎ ঠাইয়ে ঠাইয়ে কিছু অসুবিধা দিয়া, to show bias in trifling matters.

হেঁচি-ঠেলি কৰা---ক্ৰি, কোনো কাৰ্য গাৰ বলেৰে হেঁচা আৰু ঠেলা দিলে হে কৰিব পৰা যায়, এই ভাব বুজোৱা হৈছে। এতেকে,—কষ্ট কৰি কৰা, to do a thing labouriously.

হেঁচুকি গছত তোলা—ক্ৰি, গছত উঠিবলৈ নিজৰ ইচ্ছা নাই, আনে তলৰপৰা হেঁচুকি তাক ওপৰলৈ তুলি দিয়া হয় বোলা হৈছে। এতেকে,— ইচ্ছাৰ বিৰুদ্ধে আনে বলেৰে কাৰ্য্য কৰোৱা, to compel a person to do a work against his will.

হেকাই টিলিকি বাওঁ কৰা—ক্ৰি, [ ’হে ককাই টিলিকি বাওঁ’ এনে কৰা ] বৰকৈ আনন্দ হলে বন্ধুবৰ্গক সম্বোধন কৰি টিলিকি বজাই ’হেকাই টিলিকি বাওঁ’ বোলা হয়। এতেকে,—ৰঙ্গত উধাৱ হোৱা, to be over- jubilant.

হেঙ্গেৰা ভাঙ্গি পকা ধান খোৱা—ক্ৰি, পথাৰত গৰুৱে ধান নেখাবৰ নিমিত্তে হেঙ্গেৰা দিয়া হয়। ধান যেতিয়া পকে, সেই সময়ত হেঙ্গেৰা ভাঙ্গি পকা ধান গৰুৱে খালে গিৰিহঁতৰ মহৎ হানি আৰু অসন্তোষৰ কাৰণ হয়। এতেকে,—মহৎ হানিকাৰক আৰু অসন্তোষজনক কাৰ্য্য কৰা, to do a serious mischief.

হেজাৰ হওক—ক্ৰি-বিণ, [ হেজাৰ ভাল হওক তথাপি ] হেজাৰ গুণ থকা স্বত্তেও notwithstanding many good qualities.

হেতা-ওপৰা কৰা—ক্ৰি, [ হাতা-ওপৰা কৰা] এজনে কোনো বস্তুত হাত দিলে আন এজনে সেই হাতৰ ওপৰতে আকৌ হাত দিয়ে বোলা হৈছে। এতেকে,— কোনো বস্তু পাৰৰ নিমিত্তে জোটা-পোটা কৰা, to scramble for anything.

হেদানি মেলা—ক্ৰি, [হাত দাঙ্গি মেলা ] ধান শুকাবৰ নিমিত্তে চোতালত মেলি দিয়া হয়। বহু দূৰলৈকে মেলি দিবলৈ হলে হাত দাঙ্গি মেলি দিব লাগে। অপৰ পক্ষে, 'মেলা’ শব্দে ’যাবলৈ এৰি দিয়া’ বুজায়। এতেকে,—বৰ দূৰলৈ যাবলৈ এৰি দিয়া অৰ্থাৎ স্বেচ্ছাচাৰী হবলৈ