পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উভলা
উৰি
২০

খোজ কঢ়া অৰ্থাৎ বিপৰীতভাৱে কাৰ্য্য কৰা, to act in an unusual manner.

উভলা গছ দেখি আটায়ে বাগি কুঠাৰ মৰা—ক্ৰি, যি গছ থিয় হৈ থাকে, তাৰ ওচৰলৈ কোনো মানুহ নাযায়। কিন্তু যি গছ উভলি পৰি থাকে, যেয়ে সেয়ে গৈ তাক বাগি কুঠাৰেৰে কাটে। এতেকে,—পৰি থকা অৰ্থাৎ দুৰ্ব্বল মানুহ দেখি যেয়ে সেয়ে অপকাৰ কৰা, the injuring by anybody and everybody of a person who has fallen on evil times.

উভঁহা উত্তৰ—বিং, [ উভঁহীয়া উত্তৰ ] (উভহা= উভ+আঁহ+ঈয়া) আঁহৰ দিহেৰে কোৱা নহয় এনে উত্তৰ অৰ্থাৎ প্ৰশ্নানুযায়ী নহয় এনে উত্তৰ, an evasive reply.

উভৈ নদী—বিণ, [উভয় নদী] পানী অধিক হলে নদীৰ উভয় পাৰ উপচি যায়। এতেকে,—উপচি যোৱা, অপৰিমিত, overflowing, enormous, too much.

উমনি লোৱা—ক্ৰি, চৰায়ে পোৱালি জগাবৰ নিমিত্তে কণীৰ ওপৰত বহুদিন উমনি লয়। এতেকে,—কোনো কাৰ্য্যত অতিৰিক্ত কাল ব্যাপৃত থকা, to keep oneself employed in anything for an unduly long time.

উমৈহতীয়া শ বাহি শ হোৱা—ক্ৰি, যাৰ আত্মীয়-স্বজন সৰহ, সেই মানুহ ৰাতি মৰিলে শ বাহি হয় অৰ্থাৎ বেগতে তাৰু ৰাতি নৌ পুৱাওঁতেই মৰিশালিলৈ নিব পৰা নাযায়, কিয়নো শ কান্ধত লবলৈ ইটোৱে সিটোৱে বাগি ধৰি থকে। অসমীয়া মানুহৰ মতে শ বাহি হোৱা ঘৃনিত কাৰ্য। এতেকে,—উমৈহতীয়া কাৰ্য্য সুকলমে শীঘ্ৰে সমাধা নোহাৱা, the doing of a joint business in a bad way

উৰহিৰ ওৰ—ক্ৰি, (ওৰ = গোড়, মূল) উচ্চাৰণৰ সাদৃশ্য বশতঃ উৰহিৰ ’ওৰ’ বোলা হৈছে। এতেকে,—কোনো মানুহৰ কথা, বিষয় বা কাৰ্য্যৰ মূল, the root cause of anything.

উৰি অহা—ক্ৰি, বাহৰপৰা চৰাই-পোৱালি কাঢ়ি নিলে মাকে উৰি খুঁটিবলৈ আহে। এতেকে,—কোবেৰে খং-মুৱাকৈ অহা, to rush threateningly.