পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশকৰ কব-লগীয়া।

 এই পুথিখনি ছাপাখানাত দিয়াৰ পাচতে শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়া যোৰহাটলৈ বদলি হল। পুথিৰ ওপৰঞ্চি অংশ তেখেতে যোৰহাটৰপৰা হে পঠাইছে। সেই হেতুকে, আৰ্হি-কাতত চোৱাত অসুবিধা ঘটি, আখৰ-জোঁটনি সম্পৰ্কীয় আৰু অন্যান্য দোষ অনেক ৰৈ গৈছে। তাৰ বাবে প্ৰকাশক হে জগৰীয়া। দ্বিতীয় তাঙৰণত সকলো প্ৰকাৰৰ আসোঁৱাহ গুচাম বুলি আমি গাত ললোঁ। আমাৰ বিশেষ অনুৰোধ মতে ৰাজখোৱা ডাঙ্গৰীয়াই তেখেতৰ ছবি এটি পুথিত দিবৰ নিমিত্তে অনুমতি দিয়াত আমি তেখেতৰ গুৰিত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। এই পুথিৰ কোন্ অংশ কাৰ্য কেতিয়া কৰা হৈছিল, তাৰো এটি তালিকা ৰাজখোৱা ডাঙ্গৰীয়াই আমাৰ অনুৰোধ মতে প্ৰস্তুত কৰি ব্যৱহাৰৰ নিমিতে আমাক দিছে। পাঠক সকলৰ কুতুহল নিবৃত্তিৰ নিমিত্তে তালিকাটি তলত তুলি দিলোঁ :-

খণ্ডবাক্যবিলাকৰ ফৰ্দ্দ লিখা আৰম্ভ
অসমীয়া অৰ্থ লিখা শেষ
ইংৰাজী অৰ্থ লিখা শেষ
ইংৰাজী অৰ্থ লুটিয়াই লিখা শেষ
সামৰণি
বৰ্ণমালা অনুযায়ী শৃঙ্খলা শেষ     
ছাপাৰ নিমিত্তে নকল আৰম্ভ
ছাপাৰ নিমিত্তে নকল শেষ
ছাপা আৰম্ভ
ছাপা শেষ
৪ নবেম্বৰ ১৯১৫।
১৯ মাৰ্চ্চ ১৯১৬।
২৪ এপ্ৰিল ১৯১৬।
৭ জুন ১৯১৬।
১১ জুন ১৯১৬।
১১ আক্তোৱৰ ১৯১৬।
১১ জুন ১৯১৬।
১৬ আক্তোৱৰ ১৯১৬।
৪ নবেম্বৰ ১৯১৬।
১৩ আগষ্ট ১৯১৭।

 এই পুথিত যিবিলাক খণ্ডবাক্যৱলী ভুক্ত নহল, যদি কোনো ভদ্ৰলোকে ৰাজখোৱা ডাঙ্গৰীয়ালৈ সেইবিলাকৰ তালিকা পঠিয়াই দিয়ে, তেনেহলে তেখেতে সেইবিলাক খণ্ডবাক্যাৱলী দ্বিতীয় তাঙ্গৰণত ঠাই দিব বুলি আমাক জানিবলৈ দিয়াত আমি সেই কথাৰো এইখিনিতে উল্লেখ কৰি থলো। ইতি

আসাম ষ্টোৰ্ছ, ডিব্ৰুগড়।
২৬ জুলাই ১৯১৭ চন।
}        শ্ৰীবাপাৰাম নাথ।