পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাততে
হাতৰ
২৮৫

হয়। হাতত ধৰিলে ভৰিত ধৰিৰলৈ বাকি নাথাকে, এই বুঁজোৱা হৈছে। এতেকে,—দৃঢ়ভাবে ঈষৎ-বিনীত প্ৰাৰ্থনা জনোৱা , to make an earnest and not far from abject request.

হাততে স্বৰ্গ পোৱা—ক্ৰি, (হাততে পোৱ = হস্তগত হোৱা। স্বৰ্গ=স্বৰ্গৰ বিভৱ। ) অতুল ঐশ্বৰ্য্য-বিভৱৰ গৰাকি হোৱা, to attain great prosperity, to feel extreme joy or pleasure.

হাততে হেৰোৱা—ক্ৰি,হাতেৰে ধৰি থাকোতেই হেৰোৱা, হঠাৎ নাইকিয়া হোৱা, to slip off the hand, to disappear suddenly.

হাতৰ তলত ৰখা—ক্ৰি, এজন মানুহে আন এজনৰ হাতৰ তল হৈ থাকিলে তাক হেঁচুকি দমাই ৰাখিব পাৰে। এতেকে,—দমাই ৰখা, to keep in subjection.

হাতৰ মুঠিত ৰখা—ক্ৰি, কোনো বস্তু হাতৰ মুঠিত ৰাখিলে সি লৰচৰ কৰিব নোৱাৰে। এতেকে,—লৰচৰ কৰিব নোৱৰাকৈ ৰখা অৰ্থাৎ সম্পূৰ্ণ তলতীয়া কৰি ৰখা, to keep under absolute control.

হাতৰ কাণৰ বেচা—ক্ৰি, ( হাতৰ অলঙ্কাৰ কাণৰ অলঙ্কাৰ বেচা ] তিৰোতাই মহা-কষ্টত পৰিলে অলঙ্কাৰ বেচি ধন উলিয়ায়। এতেকে,—মহা- কষ্টৰ অৱস্থা পোৱা, to be reduced to the last straits.

হাতৰ তলুৱা—বিং, হাতৰ তলুৱাত কি কি আছে তাক ভালকৈ দেখা পোৱা যায়। এতেকে,--যি মানুহৰ বস্তু বা কাৰ্য্যৰ বিষয়ে সকলো কথা সুক্ষ্মৰূপে জনা আছে তেনে মানুহ, বস্তু বা কাৰ্য্য, anything thoroughly known.

হাতৰ তলুৱা খজুওৱা—ক্ৰি, হাতৰ তলুৱাত কোনো বস্তু থলে খজুওৱাৰ নিচিনা অনুভৱ হয়। এই বাক্যে ’আদিতে কোনো বস্তু পোৱা হৈছে’ বুজাই- ছিল। তাৰপৰা পিছলি কোনো বস্তু ’অলপতে পোৱা যাব’ এই অৰ্থ হল। এতেকে,—কোনো বস্তু পাবৰ আগন্তুক হোৱা, লাভৰ আশা হোৱা, to expect gain.

হাতৰ তলুৱাত নোম গজোৱা—ক্ৰি, নোম হাতৰ তলুৱাত নগজে, আন আন অংশতহে গজে। এই স্থলত হাতৰ তলুৱাত নোম গজায় বোলা হৈছে। এতেকে, — অসম্ভৱক সম্ভৱ কৰা, to perform a miracle.