পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাত
হাত
২৮৩

‘হাত উঠে’ বোলে। এতেকে,—ক্ৰমশঃ আৰ্থিক অৱস্থা ভাল হোৱা, to be continually better off.

হাত এৰি হেতালি খেলা—ক্ৰি, (হেতালি=হাতৰ ওপৰত গুটি লৈ খেলা এবিধ খেল। ) হাত এৰি হেতালি খেলা অসম্ভব। এতেকে,—কোনো কাৰ্য্যৰ প্ৰধান উপাদান এৰি দি সেই কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to do a work leaving out the principal part of it.

হাত কৰা—ক্ৰি, হস্তগত কৰা, চুৰ কৰা, to steal.

হাত ছিগা—ক্ৰি, বন-বাৰি কৰিবলৈ কৰোঁতা বা সঁজুলি নাইকিয়া হোৱা, to be deprived of help in men, money or material.

হাত টান—বিণ, হাতৰ মুঠি টান, চিকটা close-fisted, miserly.

হাত দঙ্গা—ক্ৰি কীলাবৰ নিমিত্তে হাত দঙ্গা, কিলাবলৈ উদ্যোগ কৰ, to attempt to beat.

হাত দীঘল মানুহ—বিণ, যাৰ হাত দীঘল সি দূৰলৈকে টুকি পায়। (মহাপুৰুষ সকলৰ হাত আজানুলম্বিত বুলি ধৰ্ম্মপুথি আদিত লিখা আছে, সেই কথাৰপৰা এই বাক্য লোৱা গৈছে। ) এতেকে,—বহু কাম সাধিৰ পৰা বৰলোক, an influential man.

হাত-দেৰি মন-দেৰি—বিং, ( দেৰি=অধিক, বেচি। ) বিলনীয়াই কোনো জনক হাতেৰে প্ৰকৃততে বেচি দিয়ে আৰু কোনো জনক মনেৰে বেচি দিবলৈ আলচে, সেই কথাৰপৰা এই বাক্যৰ উদ্ভৱ হৈছে। এতেকে,—পক্ষপাত দোষ, bias.

হাত ধৰি দিয়া—ক্ৰি, [ হাত টানি ধৰি দিয়া ] হাত আগলৈ বঢ়াই পিচলৈ টানি ধৰি দিয়া, তাকৰকৈ দিয়া, to give sparingly.

হাত ধৰি শিকোৱা—ক্ৰি, [ হাতত ধৰি শিকোৱা ) কেনেকৈ কাম কৰিব লাগে শিক্ষাৰ আদিতে হাতত ধৰি শিকোৱা, আদি-শিক্ষা দিয়া, to teach the first lessons in anything.

হাত পৰা—ক্ৰি, (কড়ি-খেলৰ বাক্য) কড়ি-খেলত কেতিয়াবা বাৰে বাৰে দানি পৰে। যেতিয়া দানি পৰিবলৈ এৰে, তেতিয়া ’হাত পৰে’ বোলে। এতেকে,—আৰ্থিক অৱস্থা ভালৰপৰা বেয়ালৈ অহা, to be worse off. হাত বলী—বিণ, হাতৰ দ্বাৰা তুলি বস্তু দান কৰা হয়। ডাঙ্গৰ বস্তু দান কৰিবলৈ