পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাঁ
হাঁহৰ
২৮০

even by a great man occasionally by error of judgment.

হাঁ বোলোঁতেই হুমুনিয়াৰ বাতৰি পোৱ —ক্ৰি, বেজাৰত মানুহে হুমুনিয়া কাঢ়োঁতে ‘হাঁ’ এনে মাত উচ্চাৰিত হয়। এই স্থলত কোৱা হৈছে, যে হাঁ বোলোঁতেই হুমুনিয়াৰ বতৰি পোৱা যায়, অৰ্থাৎ কিহৰ নিমিত্তে হুমুনিয়া কঢ়া হৈছে, তাৰ বৃতান্ত কব পৰা যায়। এতেকে,—কথা উলিয়াওঁতেই আদ্যোপান্ত বৃত্তান্ত বুজিব পৰা, সামান্য আভাষৰপৰা সমস্ত ঘটনা অনুমান কৰিব পৰা, to be able to infer the whole fact from the mere monition of it.

হা-হাঁ কা-কা কৰা—ক্ৰি, ( হাঁয় হাঁয় কা কা কৰা ] কাউৰীয়ে কা-কা কৰি ৰম- লিয়ায়। এতেকে,—হাঁয় হাঁয় কৰি ৰমলিওৱা অৰ্থাৎ আৰ্ত্তনাদ কৰা, দুখ-কষ্টত পৰি চিঞৰ-বাখৰ কৰি ফুৰা, to bewail one's lot on account of heavy pecuniary embarrassments.

হাঁ-তে শুকোৱা—ক্ৰি, হাঁ এই ভাবতে ক্ষীণাই-শুকাই যায় অৰ্থাৎ হাঁ ধন হাঁ বন্তু বুলি থাকোঁতে চিন্তাত শৰীৰ দুৰ্ব্বল হৈ যায়, এই ভাব বুজোৱা হৈছে। ( 'হাঁ’ হাঁয় শব্দৰ অপভ্ৰংশ। ) এতেকে,—নাটনিত কাতৰ হোৱা, to be distressed always with feeling of want.

হাঁচটি বজা—ক্ৰি, হাঁচটিত টেমিকটাৰি থোৱা হয়। কটং কাটাংকৈ টেমি- কটাৰি বাজে, কিন্তু হাঁচটি নাবাজে। এই স্থলত, হাঁচটি বাজে বোলা হৈছে। কোনো কাৰ্য্যৰে সৈতে সম্পৰ্ক নথকা মানুহে সেই কাৰ্য্যৰে বিষয়ে মুখ বজায় অৰ্থাৎ কোৱা-মেলা কৰে, এই ভাব বুজোৱা হৈছে। এতেকে,—অসম্পৰ্কিত বিষয়ত হস্তক্ষেপ কৰা, to interpose or interfere in other men's affairs, to meddle in any thing in which one has no concern.

হাঁবা-কাবা কৰা—ক্ৰি, [ হাঁয় হাঁয় কাওবাও কৰা ] হাঁয় হাঁয় কৰি কাওবাও কৰি ফুৰা, দুখ-কষ্টত পৰি অস্থিৰ হৈ ফুৰা , to be unmanned by dire pecuniary need.

হাঁহৰ ওপৰত শিয়াল ৰজা হোৱা—ক্ৰি, হাঁহৰ বল নাই, শিয়ালে তাক অনায়াসে ধৰি লৈ যায়। প্ৰজাৰ ওপৰত ৰজাৰ ক্ষমতা অসীম। হাঁহৰ ওপৰতো শিয়ালৰ ক্ষমতা ৰজাৰ সমান সমান বোলা হৈছে। দুৰ্ব্বল