পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উদৰ
উভতি
১৯

উদৰ সাত পুৰুষে কেঁচা মাছ খোৱা—ক্ৰি, মানুহে মাছ সিজাই খায়। ঈদে পূৰ্ব্ব কালৰপৰা কেঁচা মাছ খাই আহিছে। এতিয়া সি সেই অভ্যাস এৰি মাছ সিজাই খাব নোৱাৰে। এতেকে,—পূৰ্ব্ব কালৰ চলিত ৰীতি সহজে এৰিব নোৱৰা, to be unable to give up easily a custom which has been prevalent since a long time.

উধনীয়া ভেম—বিং, উধানৰ সমান অৰ্থাৎ ডাঙ্গৰ ভেম, great vanity.

উধৰ পৰা মুধলৈ—ক্ৰি-বিণ, [ অধৰ পৰা উধলে ] (অধ = অধঃ। উধ =উৰ্দ্ধ)। ‘অধৰ’ পৰ ‘ওধ’ আৰু ‘ওধৰ’ পৰা ‘উধ’ শব্দ বাগৰি ওলাইছে। অধ শব্দে ‘উধ’ ৰূপ ধৰাত পিচৰ ‘উধ’ শব্দে উচ্চাৰণৰ সুচলৰ অৰ্থে মুধ আকৃতি ধৰিলে। এতেকে,—তলৰ পৰা ওপৰলৈ, গোটেই, সমূলি, from top to bottom, entirely.

উপকাৰীক অজগৰে খোৱা—ক্ৰি, যদি কোনো মানুহে সাপক বধ নকৰি এৰি দিয়ে, তেনেহলে সাপে চল পালে সেই মানুহকে খুটিব, উপকাৰ মানি তাৰ প্ৰাণ ৰক্ষা নকৰে। এতেকে,-ক্ৰুৰ প্ৰকৃতিৰ মানুহে উপকাৰ নামানি উপকাৰীৰ সৰ্ব্বনাশ কৰা, অকৃতজ্ঞ হৈ মহা অনিষ্ট সাধন কৰা, to harm the benefactor.

উপজি গোট ভাত গিলা—ক্ৰি, কেঁচুৱা লৰাক ভাত ফেনেকি খুওৱা হয়, সি গোটা ভাত গিলিব নোৱাৰে। এতেকে,—কোনো ডাঙ্গৰ কাৰ্য্য লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ যোৱা, to try to do a difficult thing all at once instead of step by step.

উপজি ৰাতিপুৱা—বিং, [ উপজি হোৱা ৰাতিপুৱা ] ৰাতি মানুহ টোপনিত মৰাৰ নিচিনা হৈ থাকে। ৰাতিপুৱা হলে টোপনিৰপৰা উঠি ওপজাৰ নিচিনা হয়। এতেকে,—নিচেই ৰাতিপুৱা, the first stage of the morning.

উবুৰি খাই ধৰা—ক্ৰি কোনো টান কাৰ্য্য থিয় হৈ কৰিব নোৱাৰি উবুৰি খাই ধৰি কৰিবলৈ চেষ্টা কৰা হয়। এতেকে,— অত্যন্ত পুৰুষাৰ্থ কৰা, to try to the utmost.

উভতি নচা—ক্ৰি, ওভত হৈ অৰ্থাৎ মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি নচা, অতপালি কৰা, to act perversely.

উভতি বাট বোলা—ক্ৰি, ওভত হৈ অৰ্থাৎ মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি