পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হনুমন্ত
হৰিণৰ
২৭৮

হ।

হনুমন্ত জাঁপ—বিং, ( হনুমন্ত = হনুমান। ) হনুমানে জাঁপি মাৰি সাগৰ পাৰ হৈ লঙ্কালৈ গৈছলি। এতেকে, ডাঙৰ জাপ, a big leap.

হয় দিয়া—ক্ৰি, [ 'হয়' বুলি মত দিয়া ] সম্মতি প্ৰকাশ কৰা, to consent, to agree.

হৰি হৰি কৰা—ক্ৰি, কোনো আচৰিত কাৰ্য্য দেখিলে হৰি হৰি শব্দ উচ্চাৰণ কৰা হয়। এতেকে,—আচৰিত মনা, to be struck with wonder, to marvel, to be amazed.

হৰি হৰি দেখা—ক্ৰি, [ “দেও দেও দেখা” চোৱাঁ ]

হৰি কথাতকৈ চাউল কঠা টান হোৱা—ক্ৰি, ( হৰি কথা =ঈশ্বৰ ভক্তি চাউল কঠা = পেট প্ৰবৰ্ত্তনৰ উপায়, উপজীবিকা। ) পৰকালৰ পাৰমাৰ্থিক আত্মাৰ কল্যাণৰ চিন্তাতকৈ ইহকালৰ ভৌতিক জীৱণৰ কল্যাণৰ চিন্তা টান হোৱা, the thinking of the preservation of the life in this world more deeply than the salvation of the soul in the next world.

হৰিভৰ দিয়া— [ হৰিয়ে জগতৰ ভৰ দিয়া ] সৰ্ব্বতোভাৱে সম্মতি দিয়া, to give full support to any measure, opinion or sugges- tion.

'হৰিয়ে গোবৰ্দ্ধন ধৰি ৰখা—ক্ৰি, হাতেৰে গোবৰ্দ্ধন পৰ্ব্বত দাঙ্গি ধৰি শ্ৰীকৃষ্ণে গোকুলত বাত-বৃষ্টিৰপৰা গোপ-বালকসকলক ৰক্ষা কৰিছিল এতেকে,—ঈশ্বৰে যথোচিত উপায় উদ্ভাবন কৰি ৰক্ষা কৰা, the keeping of a person from danger by the Merciful God.

হৰিণৰ মাংসই বৈৰী হোৱা— ক্ৰি, যদিও হৰিণ নিৰপৰাধী, তথাপি তাৰ মাংস খাবলৈ সোৱাদ বাবে তাক মানুহে বধ কৰে। সম্পত্তিশালী মানুহক হৰিণাৰে লনা কৰা হৈছে। তেওঁৰ সম্পত্তি দেখি পৰে তেওঁৰ অপকাৰ চিন্তে। এতেকে,—সম্পত্তিশালী মানুহৰ নজিৰ সম্পত্তিয়েই শত্ৰু হোৱা, the turning out of a person to be enemy to self on account of his wealth which by its very nature