পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সোণ-খটোৱা
স্বৰ্গৰ
২৭৭

সোণ-খটোৱা—বিণ, ৰূপৰ অলঙ্কাৰত সোণ খটালে সি মূল্যবান হয়। এতেকে,— মুল্যবাণ, valuable.

সোণ-সেৰীষা—বিণ, সোণৰ সেৰাৰ নিচিনা, বহুমূলীয়, precious.

সোণাৰি-গঢ়ী—বিণ, সোণাৰিৰ ছোৱালীবিলাক দেখিবলৈ ধুনীয়া। এতেকে,— সুশ্ৰী, শুৱনী। ( ছোৱালীত খাটে ), handsome, pretty (said of a girl).

সে'পায়ং নমঃ কৰা —ক্ৰি, পূজাৰিয়ে লৰালৰিকৈ পূজা শেষ কৰিবৰ নিমিত্তে বেল-পাত তুলস-ীপাত আদি পূজাৰ বস্তু এপাত-এপাতকৈ নিদি একে- বেলিতে সোপাকে দি দিয়ে। বস্তু দেৱতাত লগাওঁতে ‘নমঃ’ শব্দ উচ্চাৰণ কৰা হয়। 'সোপাকে দিয়া হৈছে’ এই ভাব বুজাবলৈ বিদ্ৰুপৰ ছলেৰে ‘সোপায়ং নমঃ’ বোলা হৈছে। এতেকে,—প্ৰণালী মতে এটা-এটাকৈ কাৰ্য্য নকৰি সকলো কাৰ্য্য একেবেলিতে লেটি- পেটিকৈ কৰা, to do the whole thing at once in confusion instead of serially in due form.

সোলা মুখৰ চৰ—বিং, দাতলগা মুখত চৰিয়ালে মানুহে বৰ দুখ নাপায়, কিয়নো তাৰ দাঁতৰ পাৰিয়ে চৰৰ কোব অনেক পৰিমাণে ৰাখে। সোলা মুথত চৰিয়ালে সি বৰ দুখ পায়। এতেকে,—বিপদ নিচেই সহিব নোৱৰা মানুহৰ পক্ষে বিপদ, a misfortune to one who is least able to endure it.

স্বৰ্গৰ অপেচৰা—বিং, স্বৰ্গৰ অপেচৰা অতি শুৱনী। এতেকে,—অতি গুণী তিৰোতা, a paragon of beauty.

⸻⸻