পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সোঁ-মৰণেৰে
সোণে-পোৱালে
২৭৬

important event.

সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অৰ্থাৎ অপঘাত জনিত মৰণেৰে নমৰি সম অৰ্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a natural death.

সোটমোচ ধোপোচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমোচ কৰি ধোপোচ- কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, a useless thing or person.

সোণ হলে দঁতাল হাতী পোন হোৱা--ক্ৰি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ দঁতালহাতীকো ধৰি আনি শিকাই পোন অৰ্থাৎ বশীভূত কৰিব পৰা যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কাৰ্য্য সমাধা হোৱা, the making of everything easy by money.

সোণতকৈ জেউতি চৰা—বিণ, সোণৰ জেউতি অতি বেচি। এই স্থলত, সেই জেউতিতকৈও চৰা বোলা হৈছে। এতেকে,—অনুপম সুন্দৰ, exceedingly bright.

সোণৰ-রূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে যদি সি সোণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আর বেচি হয়। এতেকে,—সৰ্বশ্ৰেষ্ঠ পুৰুষ, an illustrious personage.

সোণ-রূপৰ মুখেৰে কোৱা—ক্ৰি, সোণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,— বিখ্যাত মুখেৰে কোৱা অৰ্থাৎ যাতে বাক্যৰ খণ্ডন হব নোৱাৰে এনে- ভাৱে বিখ্যাত মানুহে আপোন মুখেৰে কথা কোৱা, to speak out anything irrevocably or unalterably.

সোণৰ ষোলেং—বিং, ষোলেং এবিধ টেঙ্গা। সোণেৰে ষোলেঙ্গৰ আকৃতিৰে বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a valuable thing.

সোণে-পোৱালে গঁথাঁ—ক্ৰি. সোণে-পোৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। অকল সোণেৰে নাইবা অকল পোৱালেৰে ভাল গলমণি কৰিব নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। এতেকে,—ভাল আৰু বেয়া মিহলাই কোনো লাগতিয়াল কাৰ্য কৰা, to make anything useful and permanent by blending the good and the evil harmoniously.