পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সু-তিৰী
সেৱা-জাননী
২৭৫

মনৰ আবেগত কৈছিল :--- 'ৰামৰ পৰিয়ালে লঙ্কা জুৰি আছে, সীতাৰ হৈ মাতোঁতা নাই!” এতেকে,— ভাগ্য মন্দ হলে আত্মীয়-পৰিয়ালৰ পৰাও সাহায্য নোপোৱা, not to receive help even from the nearest relations when one falls on evils times

সু-তিৰী ফেদেলী--বিং, ফেদেলী তিৰোতা ভাল তিৰোতা, অৰ্থাৎ তেনে তিৰোতা ৰূপৱতী নোহোৱা বাবে যত্ন কৰি গুণৱতী হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—গুণবতী কুৰূপা তিৰোতা # perfectly qualified but ugly-looking woman.

সু বাট দূৰ-গম হোৱা—ক্ৰি,, সু-বাট হলে দূৰ-গম হয়, অৰ্থাৎ ভাল বাট হলে দূৰণীয়া হয়। ( এই স্থলত শব্দ খেলৰ দ্বাৰা 'দুৰ্গম’ এই অৰ্থ মনত উদিত হয়। ) এতেকে,—ভাল কাৰ্য্য ধন সময়-সাপেক্ষ হোৱা, the taking of time for a work to be done well.

সুৰসুৰীয়া হোৱা—ক্ৰি, মানুহে ভয়ত চলাওঁতা জনে যেনি যাবলৈ কয় সুৰসুৰ কৰে তেনি যায়। এতেকে,—ভয়ত সম্পূৰ্ণ বশীভূত হোৱা, to submit completely under the influence of fear.

সুৰুকা মৰা—ক্ৰি, সুৰুক-কৰে যোৱা অৰ্থাৎ সংসাৰৰ লেঠা সাৰি পলোৱা, মৃত্যু- প্ৰাপ্ত হোৱা, to flee away from this world of cares and anxieties, i. e. to die.

সূৰ্য্যৰ মুখত সোপা দিব নোৱৰা—ক্ৰি, সুৰ্যে চাৰিও পিনে ৰশ্মি প্ৰকাশ কৰে। সূৰ্য্যৰ মুখত কোনোৱে সোপা দিব নোৱাৰে, অৰ্থাৎ সূৰ্য্যক কোনোৱে ৰশ্মি প্ৰকাশ নকৰাকৈ ৰাখিব নোৱাৰে। ৰাইজক সূৰ্য্যেৰে ৰিজোৱা হৈছে। ৰাইজৰ মুখত কোনোৱে সোপা দিব নোৱাৰে, অৰ্থাৎ ৰাইজক কোনোৱে গুপ্ত কথা প্ৰকাশ নকৰাকৈ ৰাখিব নোৱাৰে। এতেকে,— গুপ্ত কথা ঢাকি ৰাখিব নোৱৰা, to be unable to prevent a secret from leaking out.

সেৱা-চুৰ কৰা— ক্ৰি, (চুৰ কৰা= অপৰাধ কৰা। ) সেৱা-সৎকাৰ সম্বন্ধীয় অপ- ৰাধ কৰা, ভক্তিৰ ক্ৰুটি কৰা, to transgress.

সেৱা-জাননী—বিং, যি বস্তু গুৰু-গোঁসাইক দি সেৱা কৰি কোনো কথা জনোৱা যায় সেই বস্তু, a gift made to a high priest on the occasion of formally communicating to him any