পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাপে
সীতাৰ
২৭৪

তেতিয়া হে সি তাক খোঁটে। এতেকে,— মহাশত্ৰুৱেও দণ্ড দিয়াৰ পূৰ্ব্ৱতে তিনিবাৰ সতৰ্ক কৰি দিয়া, the warning to a person thrice before punishing him even by an enemy of the worst type

সাপে সাপৰ ঠেং দেখা—ক্ৰি, প্ৰবাদ আছে যে সাপৰ ঠেং আছে, কিন্তু তাক মানুহে নেদেখে। এই স্থলত, দুষ্ট মানুহক সাপেৰে তুলনা কৰা হৈছে। এতেকে,—দুষ্ট মানুহে দুষ্ট মানুহক চিনি পোৱা, the knowing of the ways of a wicked person only by a person who is himself wicked.

সিংহ পুৰুষ—বিং, সিংহ জন্তুৰ ভিতৰত শ্ৰেষ্ঠ। এতেকে,—শ্ৰেষ্ঠ পুৰুষ, a grand person.

সিংহৰ এটা—বং , সিংহৰ অৰ্থাৎ শ্ৰেষ্ঠ পুৰুষ এজন হলেও দেশৰ বহু উপকাৰ হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—অকলশৰীয়া যোগ্য মানুহ, a single worthy man.

সিংহৰ পোৱালি—বিং, সিংহ মহানুভৱ জন্তু। ইয়াৰ পোৱালিতো তদ্ৰূপ মহানুভৱতা প্ৰকাশ পায়। এতেকে,—মহানুভৱ বাপেকৰ মহানুভৱ পুতেক, a worthy son of a worthy father.

সিপৰীয়া হোৱা—ক্ৰি, সিপাৰলৈ যোৱা অৰ্থাৎ মৃত্যুপ্ৰাপ্ত হোৱা, ('কাল নদীৰ' ইপাৰে 'জীৱন' আৰু সিপাৰে 'মৰণ' ), to go to the other bank i. e. to die.

সিপুৰী—বিং, পৰলোক, the next world.

সিফলীয়া হোৱা—ক্ৰি, সিফাললৈ যোৱা অৰ্থাৎ মৃত্যুপ্ৰাপ্ত হোৱা, to go to the other side i. e. to die.

সিলিখা-বুলীয়া— বিং, সিলিখাৰ বোল ক’লা। এতেকে-ৰুশ, মলিযুক্ত, dark-coloured, soiled.

সীতাৰ হৈ মাতোঁতা নোহোৱা—ক্ৰি, ৰাৱণে সীতাক হৰি নি লক্ষাৰ অশোক-বনত লুকাই থৈছিল। ৰামে সসৈন্যে গৈ লংকা অবৰোধ কৰিলে। ৰামৰ সৈন্য-সামন্ত বান্দৰ আছিল। সেইবিলাকে গৈ জুৰি পেলালে কিন্তু ৰাৱণক শীঘ্ৰে পৰাস্ত কৰিব পৰা নাছিল। ৰাৰণে অশোক বনত সোমাই সীতাক নানা-প্ৰকাৰ প্ৰলোভন দেখুৱায়। সীতাই