পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৰ্ব্বভক্ষ
সাত
২৭০


'সৰ্গৰ দেৱতা' আৰু ঈশ্বৰ শব্দে ‘ঐশ্বৰ্যশালী' বা 'প্ৰভু' বুজায়। আহোম-ৰজাক সম্বোধন কৰোঁতে 'সৰ্গদেৱ ঈশ্বৰ' বোলা হৈছিল। এতেকে,—প্ৰধান অধিপতি, an overlord.

সৰ্ব্বভক্ষ হুতাশন—বিং, হুতাশন অৰ্থাৎ জুইয়ে কেঁচা পকা একো নেৰে, সকলোকে খায়। এতেকে,—বাছ বিচাৰ নকৰাকৈ যিহকে তিহকে খোৱা মানুহ, an indiscriminate eater.

সহস্ৰ-গাঁথি—বিং, সহস্ৰ গাঁথি অৰ্থাৎ বেতৰ অসংখ্য গাঁথিৰ দ্বাৰা ঘৰ নিৰ্ম্মিত হয়। এতেকে,—ঘৰ, a house.

সাঁচত মৰা—বিণ, কোনো বস্তু সাঁচত তৈয়াৰ কৰিলে ধুনীয়া হয়। এতেকে,— ধুনীয়া, গঢ়িত, well proportioned, handsome.

সাগৰত কাঠি জাল মৰা— কাঠি জাল সৰু পানীত মাৰে। এতেকে,—মহৎ কাৰ্য্যত নগণ্য চেষ্টা কৰা, to employ an altogether in- adequate means to do a thing of vast importance.

সাজ চাই চাপৰি বোৱা—ক্ৰি, সবাহত হাতেৰে চাপৰি বজোৱা হয়। সবাহৰ সাজ যদি অধিক থাকে, তেনেহলে নাম গোৱা মানুহে উৎসাহেৰে চাপৰি বজায়। সাজ কম থাকিলে, চাপৰি বৰকৈ নুফুটে। এতেকে,— লাভ অনুযায়ী কাৰ্য্য কৰা অৰ্থাৎ অধিক লাভৰ আশা থাকিলে অধিক অনুৰাগেৰে আৰু কম লাভৰ আশা থাকিলে কম অনুৰাগেৰে কাৰ্য্য কৰা, to labour according to the amount of gain which is expected

সাজ হলে দেউৰি লগা— ক্ৰি, দেউৰিয়ে সাজ বিলায়। সাজ নাথাকিলে দেউৰিৰ আৱশ্যকতা নাই, এই ভাব বুজোৱা হৈছে। এতেকে,—ধন হলে ধন বিলাবলৈ বিলনীয় লগা অৰ্থাৎ ধন হলে হে ধন ভগা কাৰ্য্য সাধিবৰ নিমিত্তে সক্ষম হোৱা, to be able to do any business only if the requisite fund is available and not otherwise.

সাত ঘাটৰ চেঙেলি—বিং, চেঙেলি মাছ একে ঘাটতে নাথাকে, ঘাটে ঘাটে চৰি ফুৰে। এতেকে,—টেঙ্গৰ মানুহ, a cunning person.

সাত ঘাটৰ পানী খোৱা মানুহ— বিং, সাত ঠাইত বসতি কৰিলে সাত ঘাটৰ পানী খোৱা হয়। এতেকে,—বহু ঠাই ফুৰা মানুহ, person of vari-