পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শহুৰৰ
শালক
২৬০


শহুৰৰ পুতেক—বিং , গিৰিয়েক, a father-in-law's son, i. e. husband.

শাঁকে সেন্দুৰে যোৱা—ক্ৰি, আয়তী মানুহে শঙ্খৰ খাৰু পিন্ধে আৰু সেন্দুৰৰ ফোঁট লয়। এতেকে,—আয়তী হৈ কাল প্ৰাপ্ত হোৱা, to die before husband.

শাকত লোণ নোখোৱা— ক্ৰি, ( শাক = শাকৰ আঞ্জা। ) লোণ ঢুকাব বুলি আঞ্জাত লোণ নিদিয়ে, কিন্তু কোষত পিটিকাত লোণ দি তাৰ সোৱা- দেৰে লোণ-নিদিয়া আঞ্জা সানি ভাত খায়। এনে কৰা, আঞ্জাত যিমান লোণ ব্যয় হলহেঁতেন, তাতকৈও অধিক লোণ ব্যয় হয়, এই ভাৰ বুজোৱ হৈছে। এতেকে,—অনৰ্থক কৃপণালি কৰা, to act miserly for nothing.

শাকে কচুৱে খোৱা— ক্ৰি, ইতৰ লোৰুে শাক, কচু এনে বিধ পাচলিৰে আঞ্জা ৰান্ধি ভাত খায়। এতেকে,—ইতৰ লোকৰ খাৱন খোৱা অৰ্থাৎ সাধাৰণভাৱে কাল যাপন কৰা, to lead a plain life.

শাপে বৰ হোৱা— বিং, শাপ দিলে তাৰ ফল বৰ-স্বৰূপ হোৱা অৰ্থাৎ ইচ্ছা কৰি কৰা অমঙ্গল গ্ৰহীতাৰ পক্ষে মঙ্গল-স্বৰূপ হোৱা, the converting of a curse into a blessing.

শাম কটা—ক্ৰি , শান্ত ভাৱ ধৰ, to be sober, to wane.

শামুকৰ সাহ—বিং, ( শাহ= ভিতৰৰ পদাৰ্থ, সাহ =সাহস। ) 'শাহ’ আৰু 'সাহ’ এই দুই শব্দৰ খেল বুজোৱা হৈছে। সামুকৰ শাহ নাইকিয়া। এতেকে,—সাহৰ অভাৱ, want of courage.

শাৰী পূৰোৱা—ক্ৰি, যোগ্য মানুহৰ শাৰী অপূৰ্ণ থাকিলে এজন অযোগ্য মানুহ গৈ সেই শাৰীত বহি শাৰী পূৰ্ণ কৰে বোলা হৈছে। এতেকে,— সাধাৰণ মানুহে বৰলোক বুজাবলৈ বৰলোকৰ দয়-দস্তুৰ অনুৰকণ কাৰা, to take rank with the great men i.e. to show oneself as a great man.

শালক শিঙ্গীয়ে ঘিণোৱা—ক্ৰি, শাল আৰু শিঙ্গী দুইটা মাছ অসমীয়া হিন্দুৰ অখাদ্য। এই দুইটা ঘৃণনীয় মাছ। এই স্থলত শালে শিঙ্গীক ঘৃণনীয় বুলি অৱজ্ঞা কৰে বোলা হৈছে। এতেকে,—নিজে ঘৃণনীয় হৈ পৰৰ প্ৰতি ঘৃণা-ভাব দেখুওৱা, the despising of a con- temptible person by another who is equally