পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শত্ৰুক
শহুৰৰ
২৫৯

অহিত চৰণ কৰা, to play the part of an enemy.

শত্ৰুক বৰ পিৰা দিয়া—ডাঙ্গৰ মানী লোকক বহিবলৈ বৰ পিৰা দিয়া হয়। এই স্থলত শত্ৰুক বৰ পিৰা দিয়ে বোলা হৈছে। এতেকে,— শত্ৰুক বিশিষ্ট মান-সম্ভ্ৰম দেখুওৱা, to show high regard to an enemy.

শনাইত সুতীক্ষ্ণ শৰ—বিং, ( শনাইত=শানিত, শানত-দিয়া। ) শৰৰ মুখ শানত দি চোকা কৰি লোৱা হয়। এতেকে,—চোক অস্ত্ৰ , an effective weapon of attack (used figuratively).

শনিয়ে পোৱা—ক্ৰি, জ্যোতিষৰ মতে শনি দুষ্ট গ্ৰহ। এই গ্ৰহৰ দ্বাৰা অভিভূত হলে, নানা প্ৰকাৰ দুৰ্গতি ঘটে। শনিৰ ফল ১২ বছৰলৈকে থাকে। এতেকে,—দিন-কাল অতি অশুভ হোৱা, to be fallen on evil times

শৰাধ চাৰিখনীয়া কৰা—ক্ৰি, চাৰিখনীয়া শৰাধ ডাঙ্গৰ। যদি পুতেক অনাচাৰী হয়, তেন্তে শৰাধ নকৰে। এই স্থলত বিদ্ৰুপভাৱে কোৱা হৈছে, যে পুতেক এনে অনাচাৰী, যে সি চাৰিখনীয়া শৰাধ কৰে; অৰ্থাৎ সি মূলেই শৰাধ নকৰে। এতেকে, —অতি অনাচাৰী হোৱা, (পুতেক খাটে ), to lead a sinful life (said of a son).

শল-ঠেকত পৰ— ক্ৰি, [ শলৰ দৰে ঠেকত পৰা ] ঠেক পানীত পৰিলে হে শল মাছ ধৰা পৰে। এতেকে,—সাৰিব নোৱৰা ঠাইত আবদ্ধ হোৱা, ডাঙ্গৰ বিপদত পৰা, to fall into a scrape.

শলাগোঁতে শলা-গাঁথি লগা—ক্ৰি, জঁতৰৰ শলাত গাঁথি লাগিলে শলা ডাল নুঘুৰে। এতেকে,—শলাগনি পাই অকৰ্মণ্য হোৱা, to be spoilt by over-praise.

মাৰি ভঙ্গা—ক্ৰি, [ শলমাৰি ভঙ্গা ] দুষ্ট গৰুৱে যুঁৱলিৰ শলমাৰি ভাঙ্গি হাল এৰি পলাই যায়। দুষ্ট মানুহক এনে গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বন-বাৰী কৰিব নোখোজা, to shirk work.

শহা কণীয়া—বিণ, খিৰিক্-খাৰাক্ শব্দ শুনা মাত্ৰে শহাই লৰ মাৰে। এতেকে,— কাণ জাগি থকা অৰ্থাৎ সদাই সতৰ্ক হৈ থকা, wakeful,, vigilant. শহুৰৰ জীয়েক—বিং, ঘৈণীয়েক, a father-in-law's daughter i.e. wife.