পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লেখত
লেলাই
২৫৫


with patience and perseverence.

লেখত হোৱা জোখত নোহোৱা— ( লেখ = গণনা। জোখ=পৰিমণ। ) কোনো বস্তু হিচাবত আছে, কিন্তু জোখত সি সমূলি পাতল বোলা হৈছে। এতেকে,—কোনো বস্তু বা মানুহ হিচাবত ধৰ পৰা কিন্তু কাৰ্য্যৰ অনুপ- যুক্ত গণ্য হোৱা, the taking of anything as swelling the number without adding to the value or importance of it.

লেজু—বিং, সাপ দেখিবলৈ লেজুৰ নিচিনা। এতেকে,—সাপ, a snake.

লেজুত ধৰি বল নিদিয়া—ক্ৰি, কোনো গধুৰ বস্তু নিবলৈ হলে, লেজু লগাই বহু মানুহে ধৰি টানে। বহু মানুহৰ ভিতৰত কোনে বল দিছে আৰু কোনে বল দিয়া নাই বুজিব পৰা নাযায়। টেঙ্গৰ মানুহে লোকৰ লগত লেজুত ধৰি টনাৰ ভাৱ কৰে, প্ৰকৃততে বল নিদিয়ে। এতেকে,—কোনো কাৰ্যত লাগি অমনোযোগিতাৰে সেই কাৰ্য কৰা, to work half-heartedly.

লেজুৱা কাম—বিং, লেজু দীঘলীয়া বস্তু। এতেকে,—দীঘলীয়া কাম, বেগতে শেষ নোহোৱা কাম, নেৰানেপেৰাকৈ লাগি থাকি কৰিব লগীয়া কাম, a tedious work, a protracted affair.

লেধাই শামুকে পাঞ্চজন্য শঙ্খৰ বংশ বুলি কোৱা—ক্ৰি, লেখাই শামুক যতে ততে পানীত পৰি থাকে। পাঞ্চজন্য শঙ্খ সাগৰত থাকে, আৰু সি দুপ্ৰাপ্য বস্তু। এই স্থলত কোৱা হৈছে, যে লেধাই শামুকে নিজক পাঞ্চজন্য শঙ্খৰ বংশ-সম্ভূত বুলি চিনাকি দিয়ে। এতেকে,—ইতৰ মানুহে ফিতাহি কৰি বৰ ডাঙ্গৰ মানুহেৰে সৈতে সম্বন্ধ থকা বুজোৱা, the attempting of a mean person to connect himself in some way with a very great man.

লেনী ভাদৈ— বিং ভাদৈ কোনো ছোৱালীৰ নাম। এতেকে,—লেনীয়াই কথা কোৱা ছোৱালী, আলসুৱা মৰমৰ ছোৱালী, a sweet girl.

লেবাই যোৱ—ক্ৰি , [ লাল বোৱাই যোৱা ] অতি কষ্টকৰ কাৰ্য্য কৰোঁতে মুখৰ লাল বৈ যায়। এতেকে,—অতি কষ্টকৰ কাৰ্য কৰা, to do any work with the greatest effort.

সেলাই ঘেলাই থকা—ক্ৰি, ( লেলাই=লাল উলিয়াই। ঘেলাই=গা ঘেলাই