পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লখিমী
লফা
২৫০


নাওৰ বাৰত কোবাইছিল, আরু সিহঁতে সুনিপুণতাৰে নাও চলাই তেনে বিপদ অতিক্ৰম কৰি আহিছে। এতেকে,—সৰু কথাকে ডাঙ্গৰ কথা বুলি কোৱা, কথা বঢ়াই কোৱা, to exaggerate.

⸻⸻

ল।


লখিমী তিৰোতা—ক্ৰি, (লখিমী=লক্ষ্মী। ) লক্ষ্মী ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেবী। এতেকে,—দেবী-তুল্য তিৰোতা, a woman of excellent accomplishments.

লগত যোৱা নৰিয়া—বিং, যি নৰিয়া মানুহটো মৰিলে তাৰ লগত যায় অৰ্থাৎ মৃত্যু-কাল পৰ্য্যন্ত থাকে তেনে নৰিয়া, চিৰস্থায়ী নৰিয়া, a permanent disease.

লগুণ-গাঁথি দিয়া—ক্ৰি, বিয়াত এখন কাপোৰেৰে দৰা আৰু কন্যাক সংলগ্ন কৰি দিয়া হয়। এতেকে,—স্বামী ভাৰ্য্যা-সম্বন্ধেৰে আবদ্ধ কৰা। ('লগ্ন- গাঁথি' শব্দৰপৰা 'লগুণ-গাঁথি' শব্দৰ উৎপত্তি হৈছে। ), to unite a couple in wedlock.

লঘু হোৱা— পাতল হোৱা অৰ্থাৎ লাঞ্ছনা পোৱা, অপমানিত হোৱা, to be put out of countenance, to be insulted.

লতাপতা লগা—ক্ৰি, [ লতা-পাত লগা] (লগা=সম্বন্ধ লগা। ) লতা বগাই- জোগাই তাৰ আগটোত থকা পাতখনে গৈ কোনো বস্তু ছোৱে গৈ। এতেকে,—বহু দূৰণীয়া সম্বন্ধ লগা, to be connected by distant relationship.

লফা দোৱা—ক্ৰি, লফা নিচেই কোমল শাক, আৰু তাক দাবলৈ অতি সহজ। এতেকে,—সহজ কাটি- ছিঙি খয়ঙ্কৰ কৰা, to out up easily, to destroy completely without difficulty.