পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইচাট
ঈশ্বৰৰ
১৬

কোনো কথা দ্বিতীয় মানুহক কলেই সি সৰ্ব্বত্ৰ প্ৰচাৰিত হোৱা, to spread far and wide if known to a second person.

ইচাট বিচাট কৰা
ইচাটি বিচাটি কৰা
} —ক্ৰি, “বিচাট" বিষাদ শব্দৰ অপ্ৰভ্ৰংশ। “ইচাট” অনুৰূপ

শব্দ। এতেকে,—বিহ্বল হোৱা, to be ill at ease, to feel restless.

ই তিনি গুণৰ বাজ—বিণ, সত্ত্ব, ৰজ, তম, এই তিনি গুণ। এই তিনিও গুণৰ বাজ বুলি কোৱা হৈছে। এতেকে,—কোনো কাৰ্য্যেৰে সৈতে যৎকিঞ্চিৎ ভাৱেও সম্পৰ্কিত নোহোৱা, throughly unconnected, outside the pale.

ইন্দ্ৰৰ অমৰাৱতী—বিং, অমৰাৱতী দেৱৰাজ ইন্দ্ৰৰ নগৰ আছিল। স্বয়ং বিশ্বকৰ্মাই ইয়াক নিৰ্ম্মাণ কৰিছিল। এতেকে,—বিচিত্ৰ নগৰ, a picturesque city.

ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি—বিং, ইন্দ্ৰ দেৱৰাজ। তেওঁৰ সভাত সকলো দেৱতা থাকে, আৰু তেওঁ স্বয়ং সভাপতি। সেই সভা অত্যন্ত গহীন আৰু তাত গুৰুতৰ বিষয়ৰ মীমাংসা হয়। তেনেকুৱা সভাৰ সভ্য সকলৰ বক্তৃতাৰ মাজত ফেঁচাৰ কুৰুলি হাস্যাস্পদ কাণ্ড বুলি কোৱা হৈছে। এতেকে,—গহীন আৰু ডাঙ্গৰ সভাত অপদাৰ্থ মানুহৰ বক্তৃতা, a speech of a contemptible person in an august assembly.

ই-পুৰী—বিং, এই পুৰী, ইহলোক, this world.

ই সি—বিং, এই বস্তু সেই বস্তু অৰ্থাৎ কিবাকিবি, this or that, something.

ঈ।

ঈশ্বৰৰ হলে লীলা বোলা, মানুহৰ হলে কীলা বোলা—ক্ৰি, [ঈশ্বৰৰ দোষ হলে লীলা বোলা, মানুহৰ দোষ হলে কীলা বোলা ] হিন্দুমতে শ্ৰীকৃষ্ণ