পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেচত
ৰৌটোকে
২৪৯


কৰা, পৰৰ ভাল বস্তু দেখি পাবৰ আশা কৰা, to desire to possess a thing on account of its attractive appearance.

ৰেচত পেঁচ—বিং, [ ৰেচ-পেঁচ ] (’ৰেচ' অনুৰূপ শব্দ। ) তিৰোতাৰ সাজ- পাৰৰ কমনীয় আকৃতি, niceties in a woman's habiliment.

ৰেপি কটা—ক্ৰি, যন্ত্ৰণা দি বধিবলৈ হলে, দাৰে লাহে লাহে ৰেপ দি দি কাটে। এতেকে,—লাহে লাহে বহুক্ষণ যন্ত্ৰনা দিয়া, to put to slow torture.

ৰেৱত ৰজাৰ দিনত—ক্ৰি. বিণ, ৰেৱত সত্যযুগৰ ৰা আছিল। তেওঁৰ জীয়েক, ৰেৱতীক দ্বাপৰযুগত বলভদ্ৰে বিয়া কৰিছিল। এতেকে,—বহুকাল পূৰ্ব্বে, long time ago.

ৰৈ বৈ যোৱা—ক্ৰি, (ৰহি বৈ যোৱা ] ( ৰহি=ৰস। ) উপচি যোৱা, অপৰিমিত হোৱা, to be over-plentiful.

ৰোহ-ঘৰত সোমোৱা—ক্ৰি, আগৰ দিনত বৰলোক সকলৰ একোটা ৰোহ-ঘৰ, আছিল। তেওঁবিলাকৰ পৰিয়ালৰ কোনো জনে ঠেহ পাতিবলৈ হলে, ৰোহ-ঘৰত সোমাই থাকে। এতেকে, — ঠেহ পতা, ওফোন্দ পতা, to be offended.

ৰৌ-জাল বৌ-জাল কৰা—ক্ৰি, [ ৰৌ-জাল বাহু-জাল কৰা ] ৰৌ মাছ আৰু বাহু মাছ মৰা জাল ডাঙ্গৰ। সেই জাল পেলাওঁতে বহু দূৰলৈকে মেলি পৰে। এই স্থলত কোৱা হৈছে, যে ডাঙৰ জাল বহু দূৰলৈ মেলাৰ দৰে কথা বহু দূৰলৈ মেলি দিয়ে। এতেকে,—কথা বহু দূৰলৈ প্ৰচাৰ কৰা, কথা ৰাষ্ট্ৰ কৰা, to publish a fact widely.

ৰৌ ৰৌ নৰক—বিং, [ৰৌৰৱ নৰক] যমপুৰীত যিবিলাক নৰক আছে, তাৰ ভিতৰত ৰৌৰৱ নৰক সকলোতকৈ জঘন্য। এতেকে,—অতি জঘন্য ঠাই, the worst place.

ৰৌ-ৰৌ-কৈ ধৰা—ক্ৰি, কুকুৰে অচিনাকি মানুহ বা জন্তু দেখিলে ৰৌ-ৰৌ-কৈ ভুকি ধৰে। এতেকে,—কোনো মানুহক কোনো বিষয়ে টান কথা কৈ ধৰা, to make an insistent demand for anything.

ৰৌটোকে ঢৌটো কৰা—ক্ৰি, নৈত নাও বাই যাওঁতে ৰৌ মাছে নাও বাৰত আহি কেতিয়াবা কোবায়। নাৱৰীয়াবলািকে জল-যাত্ৰাৰ ভীষণতা পিচত আনক বুজাবলৈ বৰাইকৈ কয়, যে ঢৌৱে ধাউম-ধাউম-কৰে৩২