পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাইজে
ৰাজহুৱা
২৪৫


কাৰ্য্য নকৰা, not to run counter to the wishes of the majority.

ৰাইজে নখ জোকাৰিলে নদী হোৱা—ক্ৰি, বহু মানুহৰ নখৰ পানী এটোপা এটোপা পৰিলেই পানী সৰহ জমি নৈৰ দৰে বৈ যায়। এতেকে— প্ৰত্যেক মানুহে অলপ মাথোন কাৰ্য্য কৰিলেও বহু মানুহৰ মিলনত বহু কাৰ্য্য হোৱা, the doing of a great thing by small individual efforts of many people ,working in co- operation.

ৰাও বান্ধি কন্দা—ক্ৰি, [ৰাৱ বান্ধি কন্দা] পদ-বন্ধে ৰাৱ বান্ধি কন্দা, ডাঙ্গৰ সুৰেৰে নেৰানেপেৰাকৈ কন্দা, to lament loudly.

ৰাওমুৱা—বিং,[ ৰাওমুখীয়। ] মুখেৰে ৰাৱ কঢ়া, হুতাশীন, howling, noisy, boisterous.

ৰাগ’টনা—ক্ৰি, (ৰাগ = গীতৰ ৰাগ। ) ৰাগ টানি অৰ্থাৎ দীঘলীয়াকৈ চিঞৰি গোৱা হয়। এতেকে-চিঞৰি গোৱা, to speak loudly.

ৰাঙ্গলী ঘোঁৰাত উঠা—ক্ৰি, ঘোঁৰাত উঠি মানুহে চেকুৰি ফুৰে। মদ খালেও তাৰ জাল লাগি মুৰ ফুৰাই চেকুৰি ফুৰাৰ নিচিনা ভাব হয়। মদৰ বৰণ ৰঙ্গা দেখি তাক ৰাঙ্গলী ঘোঁৰাৰে তুলনা কৰা হৈছে। এতেকে,মদ্যপানৰ দ্বাৰা মতলীয়া, হোৱা, to ride a red mare i.c. to be intoxicated with wine(which is red-coloured).

ৰাজ ভগনৰ কথা কওঁতে কল-থোকা বাদুলিয়ে খোৱা কথা উলিওৱা—ক্ৰি, (ৰাজ- ভগন=ৰাষ্ট্ৰবিপ্লৱ। ) এজনে ৰাষ্ট্ৰবিপ্লৱৰ নিচিনা ভয়ানক ঘটনাৰ বিষয়ে কথা কওঁতে আন এজনে সেই কথাৰ ওপৰতে কল-থোকা বাদুলিয়ে খোৱাৰ নিচিনা এটি অতি সামান্য ঘটনাৰ বিষয়ে উল্লেখ কৰে বোলা হৈছে। এতেকে—গুৰুতৰ বিষয়ৰ আলাপৰ মাজত অতি লঘু বিষয়ৰ প্ৰস্তাৱনা কৰা, to refer to a worthless incident in the midst of a conversation on a momentous subject.

ৰাজহুৱা কথাই ফটা জালে সমান হোৱা—ক্ৰি, ফটা জালত মাছ নৰয়। সেই রুপে ৰাজহুৱা কথাতো কোনো এটা মত নৰয় অৰ্থাৎ এজনে এটা মত দিলে আন এজনে সেই মত ভাঙ্গি পেলায়। এতেকে—ৰাজহুৱা কাৰ্য্য