পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰং-শিঙ্গা
বজাৰ
২৪৩


ৰং-শিঙ্গা বজোৱা —ক্ৰি, (উপকথা) মেনী ম’হে হাবিত মানুহৰ লৰা এটা হেৰোৱা পাই তুলি লৈছিল। ম’হ নিলগত চৰি থাকোঁতে, লৰাটোৱে এটা, ৰং শিঙ্গা বজাই থাকে। তেতিয়া লৰাৰ কোনো অপায়-অমঙ্গল হোৱা নাই বুলি ম’হে জানিব পাৰে। এতেকে,—আনন্দৰ জাননী দিয়া, to publish a good news.

ৰঙ্গৰ কীল গুরুলা-গুৰুল হোৱা—ক্ৰি, (গুৰুলা-গুৰুল=গেৰেলা-গেৰেল অৰ্থাৎ ডাঙ্গৰ। ) ৰঙ্গৰ ওপৰত ডাঙ্গৰ মাৰ-কীল হলেও দন্দ নালাগে। এতেকে,—ধেমালিত কৰা ডাঙ্গৰ প্ৰহাৰো। অকাতৰে সহ্য কৰা, not to be offended even by a severe assault if it is committed only playfully.

ৰঙ্গা ঠঙ্গা পাৰি দিয়া—ক্ৰি, মানী লোকক বহিবলৈ ৰঙ্গা ঠঙ্গা পাৰি দিয়া হয়। এতেকে,—মান-সম্ভ্ৰম কৰা, to show reverence.

ৰঙ্গা ৰদ ওলোৱা পৰ—বিং, ৰাতিপুৱা প্ৰথমতে বেলি ওলোৱা পৰত ৰদৰ বৰণ ৰঙ্গা দেখা যায়। এতেকে,—সূৰ্যোদয় কাল, sun-rise.

ৰজাৰ আগত কথা কোৱা—ক্ৰি, ৰজাৰ আগত কথা কবলৈ হলে অতি সাৱধানে কব লাগে। এতেকে,—ডাঙ্গৰ মানুহৰ আগত অতি সাৱধানে কথা কোৱা, to talk with a great man in a very guarded manner.

ৰজাৰ জী আইদেও—বিং, আহোম ৰজাৰ দিনত ৰজাৰ জীয়েকক ‘আইদেও’ বোলা হৈছিল। এতেকে, বন-বাৰী কৰিব নোৱৰা সুকোমল ছোৱালী, a delicate girl who is unaccustomed to do any labour.

ৰজাৰ ধনৰ ওপৰত ভোট গিৰিহঁত ওলোৱা—ক্ৰি, (ভোট=ভোটা, ডাঙ্গৰ। ) ৰাজ-ভঁৰালত ভঁৰালী থাকে। ৰজাৰ আদেশ মতে ভঁৰালীয়ে আয়- ব্যয় চলায়। এই স্থলত কোৱা হৈছে, যে ভঁৰালীয়ে নিজেই প্ৰকৃত গিৰিহঁত বুলি ভাব কৰে। এতেকে--এজনৰ বস্তুত আন এজনে গিৰিহঁত বোলাই কাৰ্য্য কৰা, to play the role of the master of a thing being in fact only the keeper of it.