পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যেনি
যোৱা
২৪২


ত্বৰ বিষয়ে ভাবি নাচাই বাহ্যিক সৌন্দৰ্য্যত মানুহ মোহিত হোৱা, to hunt after anything unreal being attracted by the outward glamour of it.

যেনি জোল যোয়া তেনি ভেঁটা দিয়া—ক্ৰি, কলৰ পাতত টেঙ্গা কাটি খোৱা হয়। কাটোঁতে টেঙ্গাৰ জোল পাতত বৈ যায়। যেনি জোল যায়, সেই পিনে পাতখন দাঙ্গি দি, জোল বাগৰি মাটিত পৰিব নোৱৰাকৈ ভেঁটা দি ৰখা হয়। তেনে কৰোঁতে আন এপিনে জোল বাগৰিলে, তেতিয়া ঘূৰি সেই পিনে পূৰ্ব্বৰ দৰে ভেঁটা দিয়া হয়। সেইরূপে মানুহে কোনো কথা যেই পোনে বেয়ালৈ ঢাল লয়, সেই পোনে ভেঁটা দি ঠিক্ কৈ ৰাখে অৰ্থাৎ নিজৰ সিদ্ধান্ত মতে কাৰ্য্য নকৰি, সুবিধা বুজি কাৰ্য্য কৰি অমঙ্গল নিবাৰণ কৰি, নিজৰ স্বাৰ্থ অটুট ৰাখে। এতেকে,—সুবিধা বুজি মত সলাই কাৰ্য্য কৰা, to adapt oneself to expediency.

যেনিয়ে যাওঁ ভেঁট ভেঁট—বিং, (উপকথা ) শিয়ালক দেখিলে মানুহে তাক মাৰিবলৈ অগা-ভেঁটা কৰে। বৰলোক যেনিয়ে যায়, তেনিয়ে মানুহ- বিলাকে তেওঁৰে ভেঁট হবলৈ আহে। শিয়ালে শিয়ালিৰ আগত কয়: —“তই হে মোক গণিতা নকৰ। বাহিৰলৈ ওলাই গলেই, যেনিয়ে যাওঁ ভেঁট ভেঁট। ” এতেকে,— সৰ্বত্ৰ আদৰ-সমাদৰ। (বিদ্ৰুপ ), a triumphal public reception everywhere (used ironically).

যোৱা থোৱা হোৱা—ক্ৰি. ( যোৱা থকা হোৱা ] এবেলি যায় এবেলি থাকে এনে হোৱা অৰ্থাৎ মৃতপ্ৰায় হোৱা, to be in a precarious condition.