পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যেতেকে
যি
২৫১


যি মুলা বাঢ়িব তাৰ দুপাততে চিন ওলোৱা—ক্ৰি, পুলি দুপতীয়া হওঁতেই, তাৰ শ্ৰী দেখি মুলা বাঢ়িব বুলি জনা যায়। মানুহক মুলাৰে তুলনা কৰা হৈছে। এতেকে,—যি মানুহ ভবিষ্যতে বৰ লোক হব তাৰ চিন লৰা-কালতে ওলোৱা, the appearing of the signs of greatness during infancy in the case of a person who will become a great man during maturity.

যুগ তল যোৱা—ক্ৰি, এটা যুগ তললৈ যোৱা অৰ্থাৎ অতীত হোৱা, বহুকাল অতিবাহিত হোৱা, the passing away of a considerable period of time.

যুগ ধৰ্ম্মৰ বল—বিং, প্ৰত্যেক যুগত ধৰ্ম্মৰ বল বেলেগ, যেনে:-- সত্যযুগত ধৰ্ম্ম ৪ পাদ, পাপ শূন্য , ত্ৰেতাযুগত ধৰ্ম্ম ৩ পাদ, পাপ ১ পাদ; দ্বাপৰযুগত ধৰ্ম্ম ২ পাদ, পাপ ২ পাদ; কলিযুগত ধৰ্ম্ম ১ পাদ, পাপ ৩ পাদ। এতেকে,—কোনো যুগত ধৰ্ম্মৰ যেনেকুৱা বল হব লাগে তেনেকুৱা বল অৰ্থাৎ যুগৰ প্ৰকৃতি-গত ধৰ্ম্ম, the characteristic virtue of a particular aeon.

যেই বাটে অহা সেই বাটে যোৱা—ক্ৰি, আহি থিত হোৱা মাত্ৰকতে নোৰোৱাকৈ অহা বাটেই উভতি যোৱা, যি কাৰ্য্যৰ নিমিত্তে আহে সেই কাৰ্য্য সিদ্ধি নোহাৱাকৈ উভতি যোৱা, বিফল-মনোৰথ হোৱা, to go back disappointed.

যেত কূটৰ ঘাই—বিং , .[ যেতেক কুটৰ মাজত ঘাই ] যিমান কূটবুদ্ধিৰ মানুহ আছে, সেইবিলাকৰ মাজত ঘাই অৰ্থাৎ প্ৰধান। এতেকে,—জঞ্জালৰ মুল, the root of all trouble.

যেত লৰাৰ তেত বুদ্ধি—বিং, লৰা যেতেক ডাঙ্গৰ, তাৰ বুদ্ধিও তেতেক ডাঙ্গৰ। এতেকে— লৰাৰ বয়স অনুযায়ী বুদ্ধি, the understanding of a. boy according to his age.

যেতেকে ৰঙ্গা দেখা তেতেকে খেদি যোৱা — ক্ৰি, কেঁচুৱা লৰাই ৰঙ্গা বস্তু দেখিলে ধৰিব খোজে। যি বস্তু যিমান বেচিকৈ ৰঙ্গা হয়, সি তাক সিমান বেচিকৈ খেদে। বাহিৰে ধুনীয়া কিন্তু ভিতৰে অসাৰ বস্তুক ৰঙ্গা বস্তুৰে তুলনা কৰা হৈছে। এতেকে,— বাহ্যিক সৌন্দৰ্য্য বিমান বেচি মানুহে সিমান তাক পাবলৈ হেঁপাহ কৰা অৰ্থাৎ, আভ্যন্তৰিণ অসাৰ৩১