পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যমপুৰী ২৪০ যাৱত


দেখি,তাৰ আগত এই স্থলত ‘যম’ শব্দ ব্যৱহৃত হৈছে। এতেকে— যমৰ নিচিনা শত্ৰু, মহাশত্ৰু, a bitter foe.

যমপুৰী নিজান ঠাই—বিং , যমপুৰীত কোনো বস্তু দি সাহায্য কৰোঁতা মানুহ নাই। কিন্তু এই পৃথিবীত যি বস্তু পৰক দান কৰা যায়, সেই বস্তু মাথোঁন যমপুৰীত পোৱা যায়। এতেকে,—সহায়-সাৰথীহীন যমনগৰ, the hell where there is none to help.

যমৰ দক্ষিণ দুৱাৰ—বিং, যমৰ নগৰৰ দক্ষিণ দুৱাৰত মহাপাপীবিলাকক দুৰ্ঘোৰ শাস্তি দিয়া হয়। এতেকে,—দুৰ্ঘোৰ শাস্তিৰ ঠাই, a place of pitiless punishment, a hellish place.

যমৰ দুৱাৰৰপৰা অহা—ক্ৰি, মৃত্যুপ্ৰায় অৱস্থাৰপৰা আৰোগ্য লাভ কৰা, পুনৰ্জ্জীৱন পোৱা, to return from portal, of death.

যমৰ যাতনা—বিং, [যমৰ বিহিত যাতনা] উগ্ৰ শাস্তি, hellish torments.

যাচি কীল খোৱা--ক্ৰী, যাচক হৈ কীল খোৱা অৰ্থাৎ নিজে খুজি পৰৰ হতুৱাই নিজৰ অপকাৰ সাধন কৰোৱা, to pretend danger by foolish action.

যাচি দিলে মাণিকত দৰ নোহোৱা—ক্ৰি, মাণিক বহুমূলীয়া বস্তু, কিন্তু যদি এনেই দিয়া যায়, তেনেহলে তাৰো দৰ নাইকিয়া হয়। এতেকে, সহজে পোৱা বস্তুক অনাদৰ কৰা, to slight any thing which is got without an effort.

যাৰ বল তাৰ চল হোৱা--ক্ৰি, বলী মানুহে কোনো কাৰ্য্য কৰিবলৈ সুবিধা পোৱা, the attaining of an advantage by a powerful person.

যাৰ বুঢ়া গৰু মৰে সি নেগুৰত ধৰা-- ক্ৰি, বুঢ়া গৰু মৰিলে গিৰিহঁতে হে নেগুৰত ধৰি তাক পেলাবলৈ টানি নিয়ে, আন মানুহে নোছোৱে। এতেকে-- গৰজী মানুহে নকৰিব লগীয়া কাৰ্য্য কৰা কিন্তু আনে তেনে কাৰ্য্য নকৰা , the doing of a thing by a person who is responsible to do it and by none else when the thing happens to be an unpleasant one.

যাৱত চন্দ্ৰ দিবাকৰ--ক্ৰি,বিণ, যাৱত চন্দ্ৰ সূৰ্য্য বৰ্ত্তমান থাকে, তাৱত কাল অৰ্থাৎ চিৰকাল, for ever.