পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মোৰ
মৌ
২৩৮


খেদিব পৰা নাযায়, তেনেহলে মোমাই মৰি যাব পাৰে। এই স্থলত কোৱা হৈছে, যে আগৈয়ে মোমাই মৰক, পিচত ভূতক পোৱা যাব অৰ্থাৎ তাক উপযুক্ত দণ্ড দিয়া যাব। এতেকে,—কোনো কাৰ্য্য নষ্ট হোৱাৰ পিচত প্ৰতীকাৰৰ চেষ্ট কৰা, to contrive a means of meeting a danger after the danger has actually come and done the mischief.

মোৰ ধৰা—ক্ৰি, [ মূৰ ধৰা ] আঁত ধৰা, কোনো বিষয়ৰ মূল বুজি লোৱা, to discover the main point of anything.

মোৰ হাক গুৰুৰ ডাক—বিং, ওজাই মন্ত্ৰ গাওঁতে ‘মোৰ হাক গুৰুৰ ডাক’ বুলি মন্ত্ৰৰ বান্ধনি দিয়ে। ‘হাক’ আৰু ‘ডাক’ এই দুই শব্দে চিঞৰি কোৱা বাক্য বুজায়। এতেকে,—মহাধৰ্ম্মক চিন্তি প্ৰকাশ কৰা গহীন আজ্ঞা, a solemn charge, mandate, command.

মোৱামৰীয়া মটক—বিং, মোৱামৰীয়াবিলাক বলিষ্ঠ আৰু দুৰ্দ্দান্ত আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সিহঁতে অসমীয়া মানুহবিলাকক বিষম অত্যাচাৰ কৰিছিল। ( মোৱামৰীয়া শব্দে মোৱামৰীয়া সত্ৰ বুজায়। মটকবিলাক মোৱামৰীয়া সত্ৰৰ শিষ্য। আজি কালি ‘মোৱামৰীয়া’ আৰু ‘মটক' এই দুই শব্দ সমাৰ্থক। ) এতেকে,— দুৰ্দ্দান্ত মানুহ, a ruffian.

মৌ-চেপা বৰষুণ—বিং, পকা মৌৰ ৰহ-ঘৰা চেপিলে হোৰ-হোৰ-কৰে মৌ- জোল ওলায়। এতেকে,—হোৰ-হোৰ-কৰে দিয়া বৰষুণ, ডাঙ্গৰ বৰষুণ, incessant rain.

মৌ বৰষা—ক্ৰি, মৌ-বিচনী চেপিলে মৌ-জোল বৰষুণ আকাৰেৰে পৰে। মানুহৰ মুখৰ শিষ্ট ভাষা মৌৰে তুলনা কৰা হৈছে। এতেকে,—মিঠা কথা ব্যৱহাৰ কৰা to talk sweetly.

⸻⸻