পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
মেঘ
মোমাই
২৩৭

বননীত খোজ কাঢ়োঁতে চুৰিয়া উজাই ধৰি যায়, কিন্তু তিৰোতা মানুহে তেনে নকৰে। চুটি-চাপৰ মানুহক এনে বিধৰ বনগুটিৰে তুলনা কৰ হৈছে। এতেকে,—চুটি-চাপৰ মানুহ, (বিদ্ৰুপ ), a pigmy (used ironically ).

মেঘ দেৱতা প্ৰসন্ন হোৱা—ক্ৰি, খেতিয়কবিলাকে অনাবৃষ্টি হলে এইৰূপে স্তুতি কৰে "হে মেঘ দেৱ, প্ৰসন্ন হোৱা" (মেঘ দেৱতা = মেঘৰ গৰাকি দেৱতা অৰ্থাৎ ইন্দ্ৰ। ) এতেকে,—বৰষুণ দিয়া, to rain.

মেঘে গাজিলে এৰা—ক্ৰি, কাছই কামুৰিলে মেঘে নাগাজে মানে কামোৰ এৰি নিদিয়ে বুলি প্ৰবাদ আছে। এতেকে,—নেৰানেপেৰাকৈ ধৰা, to adhere tenaciously.

মেটমৰ ভাৰ—বিং, ভাৰ ডাঙ্গৰ হলে মেটমেট-কৰে শব্দ মাৰি যায়। এতেকে,—বৰ ডাঙ্গৰ ভাৰ, a very heavy burden.

মেনী ম'হ খীৰোৱা-—ক্ৰি, মেনী ম’হ যিমান খীৰায়, সিমান গাখীৰ ওলায়। সম্পত্তিশালী মানুহক মেনী ম’হেৰে তুলনা কৰা হৈছে। এতেকে,— আঢ্যৱন্ত মানুহৰপৰ ধন চোঁচা, to extract any amount of money from a rich man.

মেৰ-গোম—বিং , • • • গোম } গোম সাপে অতিৰিক্ত আহাৰ কৰি লৰিব-চৰিব নোৱৰা হৈ পৰি থাকে। খকুৱা মানুহেও সেইৰূপে অধিক ভোজন কৰি পৰি থাকে। এতেকে,—অতিৰক্তি ভোজনৰ ফলত লৰি-চৰি ফুৰিব নোৱৰা এলেহুৱা মানুহ a sluggish, lazy, indolent person.

মেহ-মন—বিং, ( মেহ-মেহীয়া মন ] যাৰ মন মেহ-মেহীয়া তেনে মানুহ, উৎসাহ নাইকিয়া মানুহ, কামত ঢিলা মানুহ ('মেহ-মেহ’ আৰু 'লেহেম’ এই দুই শব্দ মূলত একে। ) a person of depressed spirits, a slow worker.

মোনা সি থোৱা—ক্ৰি, ধন পোৱাৰ আগৈয়ে ধন ভৰাবৰ নিমিত্তে মোনা সি থয় বোলা হৈছে। এতেকে,—ধন পাবৰ আশা এৰি দিয়া। ( ব্যঙ্গাৰ্থ ), to give up all hope of receiving payment of a sun of money.

মোমাই মৰিলে ভুতক পোৱা— মোমাইক ভূতে ধৰিলে, যদি সেই ভূতক