পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূৰৰ
মেখেলাৰ
২৩৬


ইত্যাদিয়ে সোৱাদ বস্তু পালে খায়! অতি চেনেহত মানুহক সোৱাদ বস্তুৰে তুলনা কৰা হৈছে। তেনেকুৱা মানুহক কেনে যত্ন কৰি থোৱা যাব, যাতে তেওঁৰ লেশ মাত্ৰও অপকাৰ হব নোৱাৰে, সেই বিষয়ে উপায় নাপায়। এই স্থলত কোৱা হৈছে যে মূৰত থবলৈ ভয় লাগে, জানোচা ওকণীয়ে খায় আৰু মাটিত থবলৈ ভয় লগে, জানোচা পরুৱাই পায়। এতেকে,—অতি প্ৰিয়, tenderly beloved.

মূৰৰ চুলিৰ সমান আয়ুস—বিং, মূৰৰ চুলি অপৰিমিত। এতেকে,—বহু দীঘল আয়ুস, a very long life.

মূৰৰ বীজ নুগুচা লৰা—বিং, ওপজোঁতে লৰাৰ মূৰত বীজ লাগি থাকে। এই স্থলত ইমান সৰু বোলা হৈছে, যে মূৰৰ বীজ গুচা নাই। এতেকে, — নিচেই সৰু লৰা, a mere child.

মূৰে কপালে হাত দিয়া—ক্ৰি, অধিক বেজাৰ পালে মানুহে মুৰে কপালে হাত দি ভাবি থাকে। এতেকে,--অধিক বেজাৰ পোৱা, to be deeply afflicted with grief.

মূৰে ভৰি কঢ়া —ক্ৰি, [ মূৰেৰে ভৰিৰ খোজ কঢ়া ] ভৰিৰে খোজ নাকাঢ়ি মূৰেৰে খোজ কঢ়া অৰ্থাৎ বিপৰীতভাৱে কাৰ্য্য কৰা, to act topsy- turvy.

মূৰে শপথোৱা—ক্ৰি, [মূৰেৰে শপথোৱা ] ‘মোৰ মুৰ খাবা’ এই বুলি শপথ লবলৈ কোৱা, to make one take a selemn oath.

মৃত্যু-কালত ঔষধ নোহোৱা—ক্ৰি, যেতিয়া মৃত্যুকাল উপস্থিত হয়, তেতিয়া ঔষধে গুণ নিদিয়ে। এতেকে,—অৱশ্যম্ভাবী বিপদৰ প্ৰতীকাৰ নোহাৱা, the existing of no means of relief for a pre-ordained calamity.

মেখেলা-ভাৰী—বিং, তিৰোতাৰ মেখেলা অশুচি। তাক যি ভাৰ বৈ নিয়ে, সেই মানুহ অতি অধম বুলি গণ্য হয়। এতেকে,—অতি অধম মানুহ, a disreputable person of the worst type.

মেখেলাৰ বন গুটি—বিং, গছবিলক ওখ, তাৰ গুটিও ওখ হৈ থাকে। বন- বিলাক চাপৰ, তাৰ গুটিও চাপৰ হৈ থাকে। বনগুটিবিলাক চাপৰত থকাৰ নিমিত্তে তিৰোতাৰ মেখেলাত লাগি ধৰে। মতা মানুহে