পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূৰ
মূৰত
২৩৫


মূৰ ভাঙ্গি—ক্ৰি, খহু পকিলে এপিনে মূৰ ওলায়। সেই মূৰ ভাঙ্গি দিলে পূঁজ- পানী ওলাই গৈ লাহে লাহে খহু জামৰি ভাল হয়। এতেকে,— কোনো কাৰ্য্যৰ আৰম্ভণ কৰা, to commence a thing.

মূৰ মৰা —ক্ৰি, (মূৰ=সীমা; মৰা=শেষ পৰা) কোনো অৱস্থাৰ সীমা অন্ত হোৱা, the coming to the end.

মূৰ মাৰি কন্দা—ক্ৰি, মানুহে অতিকৈ কান্দোতে মূৰে মাৰে অৰ্থাৎ হাতেৰে মূৰ ভুকুৱায়। এতেকে,—অতিকৈ কন্দা, to lament bitterly.

মূৰ সুমোৱা—ক্ৰি, গৰুৱে জেওৰা ভাঙ্গিব খুজিলে আগৈয়ে জেওৰাৰ বাটে মূৰটো সুমাই লয়। তাৰ পিচত বল দিবলৈ চল পাই হেঁচা মাৰি জেওৰা ভাঙ্গি ভিতৰলৈ সোমায়। এতেকে,—কেনো কাৰ্য্য পিচত সুচাৰুৰূপে নিষ্পন্ন কৰিব পৰাকৈ প্ৰথমতে কোনোমতে সেই কাৰ্য্যত অলপ সোমাই লোৱা, ভবিষ্যতে পূৰ্ণ অধিকাৰৰ বাট ৰাখি প্ৰথমে আংশিক অধিকাৰ হস্তগত কৰা, to enter an office or busi- ness with a view to securing its full privileges in course of time.

মূৰত আকাশী চৰগ ভাগি পৰা—ক্ৰি, (চৰগ=স্বৰ্গ অৰ্থাৎ স্বৰ্গৰাজ ইন্দ্ৰৰ বজ্ৰ। আকাশী=আকাশত অথাৎ ওপৰত থকা। ভাগি পৰা=খহি পৰা, এৰাই পৰা। ) মূৰত বজ্ৰপাত হোৱা অৰ্থাৎ সাংঘাতিক বিপদপাত হোৱা, to be stuck down as if by a bolt from the blue.

মূৰত উঠা—ক্ৰি, মূৰত অৰ্থাৎ ওপৰত উঠা, প্ৰভুত্ব চলোৱা, to exercise authority.

মূৰত চলুৱে চলুৱে পানী লোৱা—ক্ৰি, শোকাতুৰ মানুহে জুৰণীস্বৰূপে মূৰত চলুৱে চলুৱে পানী লয়। এতেকে,— বৰকৈ বেজাৰ-অসন্তোষ পোৱা, to be affected deeply with grief, to be mortified.

মূৰত চাউল দিয়া—ক্ৰি, বিয়াত মূৰত চাউল চটিওৱা নিয়ম আছে। এতেকে,— বিয়া হোৱা, to be wedded.

মূৰত টাঙ্গোন মৰা—ক্ৰি, মূৰত টাঙ্গোন মাৰিলে মানুহ তৎক্ষণাৎ লুটি খাই পৰে। এতেকে,—ডাঙ্গৰ অপকাৰ কৰা, to do a great harm.

মূৰত থলে ওকণীয়ে খোৱা, মাটিত থলে পৰুৱাই খোৱা—বিণ, পৰুৱা, ওকণী