পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূখেৰে
মূৰ
২৩৪


দি সেই কথা কাটি দিয়ে। এতেকে,—উত্তৰা-উত্তৰি কৰা, to engage in altercation.

মুখেৰে সাত হাল বোৱা—ক্ৰি, সাতখন হালেৰে মাটি চহাব বুলি মুখেৰে কয়, কিন্তু কাৰ্য্যত একো কৰা নহয় বোলা হৈছে। এতেকে,—ফিতাহি মাৰি কথা কোৱা, to speak vauntingly, to boost.

মুচৰি সামৰি খালৈত থোৱা—ক্ৰি, জকাই বাওঁতে মাছ পালে জকাই দাঙ্গি আনোতে মাছে দুমদুমাবলৈ ধৰে। তেতিয়া জাকৈয়া মানুহে সেই মাছ হাতেৰে খামোচা মাৰি ধৰি মুচৰি সামৰি খালৈৰ ভিতৰত সুমাই থয়। তেতিয়া মাছৰ দুমদুমনি নাইকিয়া হয়। এতেকে,—শক্তি- ৰহিত কৰা, to make powerless for anything.

মুঠিতে লুকোৱা—বিণ, হাতৰ মুঠিতে লুকাই থকা অৰ্থাৎ সৰু, চিঁয়া, slender, small.

মুদা মৰা—ক্ৰি, [ মুধা মৰা] ( মূৰ মৰা” চোৱাঁ )

মুধা ফুটা—বিণ, ( শিৰ ফুটা” চোৱাঁ। )

মূৰ খজুওৱা—ক্ৰি, মানুহে কোনো কথা ভাবি ঠিক নাপালে মূৰ খজুৱায়। এতেকে,—বিবুদ্ধি হোৱা, নিৰুপায় হোৱা, কোনো বিষয়ে একো স্থিৰ কৰিব নোৱৰা, to be at one's wit's end, to be donfounded.

মূৰ চোবাই খোৱা—ক্ৰি, যাৰ মূৰ চোবাই খোৱা হয় , তাৰ প্ৰাণবধ হয়। এতেকে,—বিশেষ হানি কৰা, ডাঙ্গৰ অপকাৰ কৰা, to injure fatally, to harm seriously.

মূৰ দঙ্গা মানুহ—বিং, অধীন মানুহে মূৰ দোৱাঁই থাকে। অধীনতাৰ ভাব যিমান গুচে, সিমান ওপৰলৈ মানুহে মূৰ দাঙ্গি যায়। এতেকে,— ডাঙ্গৰ মানুহ, a great man.

মূৰ পাতি লোৱা—ক্ৰি, নিৰ্ম্মালী দিলে মূৰ দোৱাঁই তাক শ্ৰদ্ধাৰে মূৰত লোৱা হয়। এতেকে,—শ্ৰদ্ধাৰে গ্ৰহণ কৰা , to accept reverentially.

মূৰ পুতি কাম কৰা—ক্ৰি, অতি মনোযোগেৰে কাৰ্য্য কৰিবলৈ হলে, মূৰ পুতি অৰ্থাৎ মূৰটো তললৈ গোঁজা মাৰি লোৱা হয়। এতেকে,—অতি মনোযোগেৰে কাৰ্য্য কৰা , to work with closest attention.