পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুখতে
মুখে
২৩৩

বঁটা পায়। মুখেৰে ৰজাৰ অপ্ৰিয় কথা কলে সেই মানুহ কাটিবলৈ আদেশ কৰা হয়। এতেকে,—মুখৰ দ্বাৰা মঙ্গল আৰু অমঙ্গল দুইকো লাভ কৰিব পৰা, to attain good or evil by the manner in which a man talks.

মুখতে ধৰা—ক্ৰি, এজনে মুখেৰে কথা কৈ থাকোঁতে তাৰ মুখতে ধৰা অৰ্থাৎ তাক কবলৈ আন এজনে বাধা দি সেই কথাৰ ওপৰতে কোৱা, to speak when another person is speaking and thus to interrupt him in the midst of his speech.

মুখৰ খজুৱতি মৰা—ক্ৰি, মুখেৰে কথা কৈ মুখৰ খজুৱতি অৰ্থাৎ কথা কোৱাৰ স্পৃহা গুচোৱা, to give the reins to the tongue.

মুখৰ ছাই মাটি গুচোৱা—ক্ৰি, মৃত্যুৰ পাচত প্ৰেত-যোনিৰপৰা উদ্ধাৰৰ অৰ্থে শ্ৰাদ্ধাদি ক্ৰিয়া কৰা হয়। পাৰ্থিব মলিনতা নুগুচে মানে আত্মা প্ৰেতস্বৰূপ হৈ থাকে। খৰি দিলে মৰা-শ ছাই হয় আৰু মাটি দিলে মৰা-শ মাটি হয়। ( ছাই মাটি =পাৰ্থিব মলিনতা। ) প্ৰেতে শ্ৰাদ্ধৰ বস্তু খাই শুদ্ধ হয়। সেই দেখি 'মুখ’ শব্দ ব্যবহৃত হৈছে। এতেকে,—মৃতকৰ প্ৰথমে কৰিব লগীয়া শ্ৰাদ্ধাদি ক্ৰিয়া কৰা, to perform the preliminary funeral ceremonies of a dead person.

মুখৰ মাহিলা—বিং, [ মুখৰ মহলা ] লেখা-পঢ়াত পাৰ্গত হৈছে নে নাই বুজাৰৰ নিমিত্তে মুখেৰে মহলা দিয়া হয়। মহলা দিওঁতে যিমানখিনি পঢ়োৱা হৈছে, সকলো কথাৰ বিষয়ে কব লাগে। এতেকে,—মুখেৰে বহু কথাৰ প্ৰকাশ অৰ্থাৎ যি কথা কাৰ্য্যত পৰিণত কৰা নহয় তেনে কথাৰ প্ৰকাশ, much empty talking.

মুখৰ ভাত কাঢ়ি নিয়া—ক্ৰি, কেঁচুৱা লৰাই ভাত খাওঁতে কাউৰীয়ে ভাত কাঢ়ি লৈ যায়। সেই কথাৰপৰা এই বাক্যৰ সৃষ্টি হৈছে। (মুখৰ ভাত=খাবৰ নিমিত্তে মুখৰ আগত বঢ়া ভাত ) এতেকে,— বৰকৈ ডকা দিয়া, to deceive downright.

মুখলৈ চোৱা—ক্ৰি, মুখলৈ চালে মৰম লাগে। এতেকে—মৰম কৰা, to, pity.

মুখে মুখে উত্তৰ কটা—ক্ৰি, এজনে মুখেৰে প্ৰশ্ন কৰে, আন এজনে তাৰ উত্তৰ৩০