পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুখ
মুখ
২৩১

মুখ চন্দৰি ভঙ্গা—ক্ৰি, (মুখ চন্দ্ৰিকা ভঙ্গা। ] ( ভঙ্গ = গুচোৱা। ) বিয়াৰ পিচত দৰা-কন্যা একে লগ কৰি মুখ-চন্দ্ৰিকা গুচোৱা নিয়ম আছে। এতেকে,—মুখৰ লাজ গুচোৱা, to remove the delicacy which is felt by one at the first sight of another.

মুখ চাই কথা কোৱা—ক্ৰি, মানুহক চিনিবৰ নিমিত্তে মুখলৈ চাব লাগে। কোনো কথা কবৰ সময়ত মানুহৰ মুখলৈ চোৱা হয় অৰ্থাৎ মুখ চিনি লৈ যাৰ সম্পৰ্কে যেনেভাৱে কোৱা ভাল তাৰ সম্পৰ্কে তেনেভাৱে কয় বোলা হৈছে। এতেকে,—পক্ষপাত আচৰি কথা কোৱা, to speak with a bias.

মুখ চাই দাপোন—বিং, মুখ ভাল হলে দাপোণত তাৰ প্ৰতিবিম্ব ভাল হয় আৰু মুখ বেয়া হলে প্ৰতিবিম্ব দেয়া হয়। এতেকে,— গুণ অনুযায়ী কাৰ্য্য, action according to quality.

মুখ জুৰোৱা—ক্ৰি, একে লগে থাকিবলৈ লগৰীয়া পালে বুকু জুৰায়। তেনে লগৰীয়া নাই, কিন্তু মুখ জুৰাব পৰা যায় অৰ্থাৎ মুখেৰে কথা পাতি শান্তি পাব পৰা যায়, এনে ভাব বুজোৱা হৈছে। এতেকে,—দুখৰ কথা কবলৈ মানুহ পোৱা অৰ্থাৎ সহানুভূতি দেখুওৱা মানুহ পোৱা, to find a sympathetic person to whom a heavy heart can be emptied.

মুখ বজোৱা—ক্ৰি, তাল বজালে যেনেকৈ হাই হয়, দন্দ্বৰ অভিপ্ৰায়েৰে মুখ মেলি কথা কলেও সেইৰূপে হাই হয়। এতেকে,— দন্দ্বৰ অভিপ্ৰায়েৰে কথা কোৱা, to speak with a view to picking a quarrel.

মুখ ভঙ্গা—ক্ৰি, [ মুখ লগা ভঙ্গা ] মন্ত্ৰেৰে জাৰি মুখ-লগাৰ চিকিৎসা কৰা, to treat an ailment induced by “evil mouth” by means of incantation:

মুখ মৰা—ক্ৰি, মুখ মৰাৰ নিচিনা দেখা যোৱা, মুখ নিস্তেজ হোৱা, to lose freshness of countenance.

মুখ মৰা—ক্ৰি, [ মুখক মৰা] মুখ বন্ধ কৰা, নিমাত কৰা, উত্তৰ কাটিব নোৱৰা অবস্থা কৰা, to leave no room for reply.

মুখ মেলি থকা—ক্ৰি, বন-বাৰি কৰিবলৈ হাত মেলিব লাগে, খাবলৈ মুখ মেলিব